• ২৩৮ কোটি টকা পানীত পৰাৰ আশংকা
  • ব্যৱস্থা গ্ৰহণৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ

মাজুলীঃ মাজুলীৰ সুৰক্ষাৰত ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীৰ চৰম অৱহেলাৰ অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু মাজুলী জিলা সমিতিয়ে। সংগঠনটোৰ সভাপতি জগত হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পবিত্ৰ বৰাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰিছে। 

সংগঠনটোৰ অভিযোগ অনুসৰি মাজুলীৰ স্থায়ী সুৰক্ষাৰ বাবে ২০১৮ বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে ২৩৮ কোটী টকা আৱণ্টন দিছিল। কিন্তু এই বৃহৎ পৰিমাণৰ পুঁজিৰে ব্ৰহ্মপুত্ৰ বৰ্ডে ২৭ কিঃমিঃ বেংক ৰিবেণ্টমেণ্ট আৰু ৪১ খন আৰ চি চি পাৰ্কিউপাইন নিৰ্মাণৰ কাৰণে ১৭৮ কোটি টকা নিবিদা আহ্বান কৰি টি কে ইঞ্জিনিয়াৰিং কন্চৰটিয়াম নামৰ অৰুণাচলৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক নীতিগতভাৱে কাম কৰাৰ আদেশ প্ৰদান কৰি ১০ ফেব্ৰুৱাৰী, ২০১৮ তাৰিখে কাম আৰম্ভ কৰি ১৯ মে, ২০১৯ তাৰিখৰ ভিতৰত সম্পুৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। 

কিন্তু সংগঠনটোৰ এটা সজাতী দলে ২৬ জানুৱাৰী তাৰিখে ব্ৰহ্মপুত্ৰ বৰ্ডে কাম কৰি থকা বিভিন্ন ঠাই পৰ্যবেক্ষণ কৰি আচম্বিত হৈ পৰে। তাত্পৰ্যপুৰ্ণভাৱে ঠিকাদাৰ পক্ষই বৰ্তমানলৈকে মাত্ৰ ৭ কিঃমিঃ হে বেংক ৰিবেণ্টমেণ্টৰ কাম সম্পুৰ্ণ কৰাৰ লগতে ৪১ খন পাৰ্কিউপাইৰ বিপৰীতে মাত্ৰ ২৫ খনহে সম্পুৰ্ণ কৰিব পাৰিছে। 

বিগত এটা বছৰে ঠিকা আৱণ্টন পোৱা প্ৰতিষ্ঠানটোৱে মাত্ৰ ৭ কিঃ মিঃ বেংক ৰিবেণ্টমেণ্ট আৰু ২৫ খন পাৰ্কিউপাইন নিৰ্মাণ কৰি মাজুলীৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰম অৱহেলা কৰাত ক্ষুব্ধ হৈ পৰিছে সংগঠনটো। আনহাতে সংগঠনটোৰ নেতৃত্বই অভিযোগ কৰকা মৰে শালমৰা, দক্ষিণপাটত ৬ কিঃমিঃ বেংক ৰিবেণ্টমেণ্টৰ বিপৰীতে মাত্ৰ ১.৮ কিঃমিঃ, টেকেলিফুটা-জাবৰচুকত ২ কিঃমিঃ দৈঘ্যৰ কামৰ বৰ্তমানলৈকে কামেই আৰম্ভ নকৰা, কুমাৰ কলিতা গাঁৱত ১.৫ কিঃমিঃ বিপৰীতে ৩০০ মিটাৰ, চুমৈমাৰী অঞ্চলত ০.৯ কিঃমিঃ বিপৰীতে ৫০০ মিটাৰ, কমলাবাৰী বামুনগাঁৱ গৰুখুটিত ৬ কিঃমিঃ বিপৰীতে ১০০ মিঃ, কৰদৈগুৰিত ২.২ কিঃমিঃ বিপৰীতে ৫০০ মিটাৰ, কৰতিপাৰত ২.২ কিঃমিঃ পৰিবৰ্তে ১.৫ কিঃমিঃ, চামগুৰিত ৩ কিঃমিঃ বিপৰীতে ২ কিঃমিঃ হে কাম আৰম্ভ সম্পুৰ্ণ কৰাত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সংগঠনটোৱে। 

উল্লেখ্য যে, বিগত এটা বছৰত যিটো প্ৰতিষ্ঠানে মাত্ৰ ৭ কিঃমিঃ বেংক ৰিবেণ্টমেণ্ট সম্পুৰ্ণ কৰিব পৰা নাই তেনেস্থলত বাকী থকা মাত্ৰ চাৰিটা মাহত ২০ কিঃমিঃ যে সম্পুৰ্ণ কৰিব যে নোৱাৰে সেইটো নিশ্চিত হৈ পৰিছে। 

এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৱে মাজুলী সুৰক্ষাত ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীৰ চৰম অৱহেলা আৰু ব্যৰ্থতাক কঠোৰ সমালোচনা কৰি সমগ্ৰ বিষযটো অসম চৰকাৰৰ পোনপটীয়া হস্তক্ষেপ দাবী কৰিছে। আনহাতে সংগঠনটোৱে সময় থাকোতেই চৰকাৰ কিম্বা জিলা প্ৰশাসনে বিষয়টোৰ গুৰুত্বতা উপলব্ধি নকৰিলে মাজুলী সুৰক্ষা বুমেৰাঙত পৰিণত হোৱাৰ লগতে ২৩৮ কোটি টকা অথলে যাব বুলিও বিবৃতিত উল্লেখ কৰিছে।