জালাহঃ বাক্সাৰ জালাহস্থিত ভূৱনেশ্বৰ-গোলাপী শৈক্ষিক আৰু সামাজিক ন্যাসৰ উদ্যোগত আৰু জালাহ জাতীয় বিদ্যালয়ৰ সহযোগত জালাহস্থিত সকলো চৰকাৰী, বে-চৰকাৰী বিদ্যালয়ৰ আগন্তুক ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক শুভেচ্ছা জনোৱাৰ বাবে এখন সভা সম্পন্ন হয়। 

জালাহ উন্নয়ন সমিতিৰ সভাপতি নিৰঞ্জন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জাতীয় বিদ্যালয় জালাহ, শংকৰদেৱ শিশু নিকেতন, জালাহ; লিটিল ফ্লাৱাৰ স্কুল, জালাহ; হ'লি চাইল্ড ইংলিছ স্কুল, ডা: অনন্ত একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। উক্ত সভাখনত উদ্বোধক হিচাপে বি বি কিষাণ কলেজৰ অধ্যক্ষ ড০ কেশৱ বসুমতাৰী আৰু বজালী ন্যায়িক দণ্ডাধীশৰ জেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰী, পাঠশালাস্থিত চন্দ্ৰপ্ৰভা  শইকীয়ানী বিজ্ঞান একাডেমীৰ উপাধ্যক্ষ কিশোৰ দাস, জালাহ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অনজিমা দৈমাৰী, বি বি কিষাণ কলেজৰ সহকাৰী অধ্যাপক ড০ সৰোজ মোহন দাস প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।