
মুছলপুৰঃ বিটিএডিৰ চাৰিখন জিলাত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে৷
ম্যানমাৰৰ ১৭ জনীয়া এনডিএফবিৰ (স) দলে অসমত প্ৰবেশ কৰাৰ তথ্য লাভ কৰাৰ পিছৰে পৰা সস্তম হৈ পৰিছে সেনা-আৰক্ষী৷ সেনাই তীব্ৰ অভিযান চলাই ম্যানমাৰৰ পৰা অসমত প্ৰবেশ কৰা ১৭ জনীয়া এনডিএউবিৰ দলটোৰ এগৰাকী সদস্যক গোৰেশ্বৰত আটক কৰাৰ পিছৰে পৰা সেনা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷
কিছুদিন পূৰ্বে দলটোৰ এজন সদস্য সেনা আৰক্ষীৰে সংঘৰ্ষত নিহত হয় কোকৰাঝাৰত৷ আনহাতে উক্ত সংঘৰ্ষৰ পৰা গুলীবিদ্ধ অৱস্থাত পলায়ণ কৰা আন এজন সদস্যক সেনা-আৰক্ষীয়ে জালত পেলাই৷ তাৰ মাজতে বিটিএডিৰ বাক্সা জিলাৰ সদৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেন্নাবাৰীত এন ডি এফ বিৰ এজন সদস্যক সেনা-আৰক্ষীৰ জালত পেলাবলৈ সক্ষম হয়৷
বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকীয়াৰ নেতৃত্বত চলা অভিযানত আৰক্ষীৰ দলে মুছলপুৰৰ দলেপাৰাত ৰৌনগৌৰা ওৰফে ৰবিৰাম স্বৰ্গীয়াৰী নাম এনডিএফবিৰ সদস্যক জনক আটক কৰিবলৈ সক্ষম হয়৷ মুছলপুৰৰ আনন্দবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত দলেপাৰা গাঁৱৰ এনডিএফবিৰ সদস্যজনৰ পৰা এটা হেণ্ড গ্ৰেনেট উদ্ধাৰ কৰে আৰক্ষীয়ে৷