বাঘবৰঃ বৰপেটা জিলাত নিৰুদ্দেশ হৈছে ১৩ বছৰীয়া কিশোৰ। বাঘবৰ সমষ্টিৰ বাঘবৰ থানাৰ অন্তৰ্গত সত্ৰকণৰা ৬ নং ছিটৰ কিতাব আলীৰ পুত্ৰ কৰিম আলী (১৩) য়ে ১৯ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছে।

কিশোৰজনক বিভিন্ন ঠাইৰ লগতে আত্মীয়ৰ ঘৰত বিচাৰি নাপাই সংবাদ মাধ্যমৰ কাষ চাপিছে অসহায় পৰিয়ালে। ঘটনাৰ দিনা সত্ৰকণৰা বজাৰৰ দোকানগৃহৰ পৰা নিৰুদ্দেশ হৈছে বুলি প্ৰকাশ কৰে পৰিয়ালৰ লোকে।

এই সন্দৰ্ভত ইতিমধ্যে  মন্দিয়া আৰক্ষী চকীত পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে। কিশোৰজনৰ গাৰ বৰণ ক’লা, উচ্চতা ৪.১/৮.২ ফুট। পিন্ধনত আছিল জিনছ্ পেণ্ট, নীলা ৰঙৰ চোলা।

কোনো সদাশয় ব্যক্তিয়ে লৰাজনৰ সম্ভেদ পালে নিকটতম আৰক্ষী চকী অথবা ৯০৮৫৬৬৩৭৫৫/ ৮৮৭৬৫৬৩৪৬৬/ ৯০৮৫৬২৫৩৯১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে।