
ৰঙিয়াঃ নিজ মাতৃয়ে অৰ্থ উপাৰ্জনৰ বাবে কন্যাক আনৰ ঘৰত বন কৰা ছোৱালী হিচাপে ৰাখিব পাৰে নতুবা কোম্পানীত কাম কৰিব দিব পাৰে। আনৰ ঘৰত কাম কৰিব দি নতুবা কোম্পানীত কাম কৰিব দি মাহেকত অৰ্থ উপাৰ্জন কৰিব পাৰে মাতৃয়ে। ৰাজ্য খনৰ বহু দৰিদ্ৰ পৰিয়ালৰ কন্যাই তেনেদৰে অৰ্থ উপাৰ্জন কৰি পৰিয়ালক সহায় কৰি থকা দেখা যায়৷
কিন্তু বন কৰা ছোৱালী হিচাপে নতুবা কোম্পানীত কাম কৰিব দিয়াৰ পৰিবৰ্তে নিজ কন্যাক দেহ ব্যৱসায়ত জড়িত কৰি ধন উপাৰ্জন কৰি আহিছে ৰাজ্যৰ এগৰাকী মাতৃয়ে৷ মাতৃ-কন্যাৰ সকলো সীমা চেৰাই নিজে তুলি দি আহিছিল বেশ্যা বৃত্তিৰ বলিশালত ১৪ বছৰীয়া কন্যাক৷
১৪ বছৰীয়া কন্যাই প্ৰতিদিনে কেইবাজনো পুৰুষক নিজৰ দেহ সপি দিছিল৷ নৰক যন্ত্ৰণাত ছটফটাই এখন অচিন জগতত সময় পাৰ কৰিছিল ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে৷ অৱশেষত মহাৰাষ্ট্ৰৰ ৰেড লাইট এলেকাৰ পৰা উদ্ধাৰ হয় অসমৰ ১৪ বছৰীয়া এই কিশোৰীএগৰাকী৷ মুম্বাইৰ ৰাজৱাড়াৰ পৰা হিন্দী চিনেমাৰ কায়দাৰে মুম্বাই আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰীগৰাকীক।
বিটিএডিৰ বাক্সা জিলাৰ দৰংগা মেলাৰ কিশোৰীগৰাকীক উদ্ধাৰ কৰি মহাৰাষ্ট্ৰ আৰক্ষীয়ে অসমলৈ লৈ আহে। জানিব পৰা মতে, মাতৃৰ অনুমতি লৈ প্ৰায় এবছৰ পূৰ্বে কিশোৰীগৰাকীক সম্পৰ্কত জেঠায়ক এগৰাকীয়ে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা বিমানযোগে লৈ গৈছিল কিশোৰীগৰাকীক৷
মহানগৰীৰ পৰা বিমানেৰে নিজ আত্মীয়ই কিশোৰীগৰাকীক মুম্বাইলৈ নি বলপূৰ্বকভাৱে কেইজনমান লোকৰ হাতত গতাই দিছিল। লোককেইজনে কিশোৰীগৰাকীক বিশেষ এটি এলেকাত আবদ্ধ কৰি ৰাখে৷ তাৰ কিছুদিনৰ পৰা তাইক ন’ ন’ পুৰুষৰ সৈতে দৈহিক সম্পৰ্ক কৰিবলৈ বাধ্য কৰায়৷
ফুলকোমলীয়া কিশোৰগৰাকীয়ে ৰং ধেমালি কৰি পাৰ কৰিবলগীয়া সময় খিনি মুম্বাইৰ অন্ধকাৰ গলিত সময় পৰা কৰিব লগা হয়৷ দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতনৰ বলি হয় কিশোৰীগৰাকী। জেঠায়েক পূজা স্বামী ওৰফে ৰুণুই দেহ ব্যবসায়ত লিপ্ত কৰােৱাত আগভাগ লৈছিল। কন্যাৰ দেহটোৰ বিনিময়ত মাতৃয়ে মাহেকত পাইছিল ধনৰ টোপোলা।
তাৰ মাজতে প্ৰায় ১০ দিন পূৰ্বে মুম্বাই আৰক্ষীয়ে মুম্বাইৰ এটি ফ্লেটত অতৰ্কিতে অভিযান চলায়৷ মুম্বাই আৰক্ষীয়ে ফ্লেটত অভিযান চলাই দেহ ব্যৱসায়েৰে কোটি কোটি টকাৰ ব্যৱসায় কৰা এটি চক্ৰ উৎখাত কৰে৷ অভিযানত কেইবাগৰাকী যুৱতীৰ লগতে দেহ ব্যৱসায়ৰ সাম্ৰাজ্য চলোৱা ৰুণু ওৰফে পূজাক আটক কৰে আৰক্ষীয়ে৷
যুৱতীসকলক আৱদ্ধ কৰি সোধপোছ কৰাত বাক্সা জিলাৰ দৰংগা মেলাৰ কিশোৰীগৰাকীয়ে নিজৰ সমস্ত কাহিনী আৰক্ষীক অৱগত কৰে৷ মুম্বাই আৰক্ষীয়ে কিশোৰীগৰাকীৰ সমস্ত কাহিনী শুনি আচৰিত হৈ তাইক অসমলৈ লৈ অহাৰ সিন্ধান্ত লয়৷ মুম্বাই আৰক্ষীয়ে দেওবাৰে ৰঙিয়াত আহি উপস্থিত হয় কিশোৰীগৰাকীক পৰিয়ালক গতাবলৈ৷
দেহ ব্যৱসায়ৰ সম্ৰাজ্য চলোৱা অসমৰ যুৱতীক নি মুম্বাইত চৰ্দাৰ হৈ বিলাসী জীৱন কটোৱা বিটিএডিৰ বাক্সা জিলাৰ কুমাৰীকাটাৰ ৰুণু ওৰফে পূজাক মহাৰাষ্ট্ৰ আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ পূজাৰ দুখন বিলাসী গাড়ী থকাৰ লগতে এটা ফ্লেটৰ গৰাকী বুলি জানিব পৰা গৈছে। অসমৰ কিশোৰী ৰেড লাইট এলেকাৰ পৰা উদ্ধাৰৰ ঘটনাই মহাৰাষ্ট্ৰৰ কেইবাখনো বাতৰি কাকতৰ শিৰোনাম দখল কৰিছে।
আনহাতে কিশোৰীগৰাকীয়ে ৰঙিয়াত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত ভয়াৱহ দিনৰ কথা সোঁৱৰে। মুম্বাই আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰৰ পাছত শিশু কল্যাণ গৃহত কিছুদিন ৰাখি অসমলৈ অহাৰ পাছৰে পৰা কিশোৰীগৰাকীৰ পিতৃ-মাতৃ পলাই পত্ৰং দিয়ে। এতিয়ালৈ ৰাজ্যৰ চাইল্ড লাইন অথবা শিশু কল্যাণৰ কোনো বিষয়াই চমজি লোৱা নাই কিশোৰীগৰাকীক। এবিএমছুৰ নেতা-কৰ্মীয়ে ৰঙিয়াত ৰখাৰ ব্যৱস্থা কৰিছে কিশোৰীগৰাকীক।
সংশ্লিষ্ট বিভাগক গতাব পাৰিলেই মুম্বাইলৈ উভতি যাব বুলি কয় মুম্বাই আৰক্ষীৰ দলটোৱে। অসমৰ যুৱতী-কিশোৰীক নাৰী সৰবৰাহকাৰী চক্ৰই মুম্বাইত যে পণ্য সামগ্ৰীৰ দৰে বিক্ৰী কৰে সেয়া এই ঘটনাটোৰ পৰা স্পষ্ট হৈ পৰিছে। ৰঙিয়াত বাহৰ পাতি থকা মুম্বাই আৰক্ষীৰ দুই মহিলা আৰক্ষী সহ আৰু এজন আৰক্ষী বিষয়াই কিশোৰীগৰাকীক লৈ একপ্ৰকাৰ বিপদতো পৰা দেখা গৈছে৷ কিয়নো পিতৃ-মাতৃ পলায়ন কৰাৰ পাছত কিশোৰীগৰাকীক চাইল্ড লাইন তথা সমাজকল্যাণ বিভাগৰ হাততো গতাবলৈ সক্ষম হোৱা নাই৷