
newsnextone.com | কাজিৰঙাঃ কঁপি উঠিল কাজিৰঙা৷ দেওবাৰে হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি কঁপালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰাজপথ। কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ আহ্বানত প্ৰায় কুৰিটা সংগঠনৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহে ৰাইজ৷
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ আহ্বানত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ বোকাখাত জিলা সমিতি, সদৌ অসম ছাত্ৰ সন্থাৰ কাজিৰঙা আঞ্চলিক সমিতি, টাই আহোম ছাত্ৰ সন্থাৰ কাজিৰঙা আঞ্চলিক সমিতি, কহঁৰা বজাৰ সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাজিৰঙা আঞ্চলিক সমিতি, টাই আহোম যুৱ পৰিষদ, কাজিৰঙা বেংগলী উন্নয়ন সমিতি, কহঁৰা নেপালী সমাজ, কাজিৰঙা ৰাইন' ক্লাৱ, কাজিৰঙা জীপ চাফাৰি সন্থাৰ লগতে কুৰিটা দল-সংগঠনৰ নেতা-কৰ্মী তথা ৰাইজে ওলাই আহি জোঁৰ সমদলত অংশ লয়৷
জাতিদ্ৰোহী বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ অসম উত্তাল হৈ থকাৰ লগতে কাজিৰঙাতো আঞ্চলিক সাংবাদিক সংস্থাৰ উদ্যোগত ধাৰাবাহিক প্ৰতিবাদী অব্যাহত আছে। ইতিপূৰ্বে হৈ যোৱা নাগৰিক সভা আৰু অৱস্থান ধৰ্মঘটৰ পাছত আজি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত জোঁৰ সমদল উলিয়াই সাংবাদিক সংগঠনটোৱে। সহস্ৰাধিক পুৰুষ-মহিলাৰ উপস্থিতিত কহঁৰা নাট্য মন্দিৰত সন্ধিয়া ৭-০০ বজাত ৰাইজ উপস্থিত হোৱাৰ পাছতেই হাতে হাতে জোঁৰ লৈ ইনক্লাৱ জিন্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিদেশীৰ বোজা লোৱা নহ'ব, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধ্বনিৰে সমগ্ৰ এলেকা কঁপাই তোলে।
কহঁৰাৰ বগৰিজুৰি পৰ্যন্ত প্ৰায় তিনি কিঃ মিঃ পথ অতিক্ৰমি জোঁৰ সমদল পুনৰ কহঁৰা চাৰিআলিত উপস্থিত হৈ এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। সভাত সকলোৱে একমুখে কয় যে অসমীয়াৰ অস্তিত্ব বৰ্তি আছে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি। বৃহত্তৰ অসমীয়া জাতিৰ অস্তিত্ব জীয়াই থকাৰ ওপৰত নিৰ্ভৰ কৰিয়েই বৰ্তি থাকিব সাহিত্য, সমাজ আৰু বাৰে ৰহনীয়া কৃষ্টি-সংস্কৃতি। কিন্তু, জোৰজুলুমকৈ কেন্দ্ৰীয় চৰকাৰে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বাবে অসমৰ সকলোবোৰ জাতি-জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব।
অসমীয়া জাতিৰ আৱেগ-অনুভূতি, সপোনক ধূলিস্যাৎ কৰি বিভেদ সৃষ্টিৰ অপচেষ্টা চলোৱা তথা দেশৰ ধৰ্ম নিৰপেক্ষ নীতিবিৰোধী, সংবিধান বিৰোধী এই নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, ব্যক্তি বিশেষ বুলি কথা নাই সকলো পক্ষই মুকলি বিৰোধিতা কৰিব লাগে। যিহেতু এই বিধেয়ক আইনত পৰিণত হ'লে বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক ভাৰতলৈ আহিবৰ বাবে লাইচেন্স প্ৰদান কৰা হ’ব। আনকি, এই আইনে বাংলাদেশৰপৰা ইতিপূৰ্বে আহি অসমত অবৈধভাৱে থাকিবলৈ লোৱা বাংলাদেশী লোকক অসমৰ ভূমিত চিৰস্থায়ীভাৱে থকাৰো আইনী ব্যৱস্থা প্ৰদান কৰিব।
লগতে ভবিষ্যতলৈ অবাধ গতিত অহাৰ বাট প্ৰশস্ত কৰিব। ইয়াৰ ফলত, অসমৰ জনগাঁথনিত ভয়ংকৰ প্ৰভাৱ পৰিব। আনকি, অসমৰ ভাষা-সাহিত্য-সংস্কৃতি-সমাজ জীৱন বিপন্ন হৈ পৰিব। বিপন্ন হৈ পৰিব অসমীয়া ভাষীৰ লগতে অসমৰ পাহাৰে-ভৈয়ামে বসবাস কৰা সকলোবোৰ জাতি-জনগোষ্ঠীৰ আইৰ মুখৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু নিজকে বিকশিত কৰাৰ সপোন। এনে প্ৰেক্ষাপটত সকলো জনগণ মাৰবান্ধি ওলাই আহিবৰ সময় সমাগত। অস্তিত্ব ৰক্ষাৰ শৰাইঘাটৰ এই শেষ যুঁজখনত যুঁজ দিবলৈ বিভিন্ন দল-সংগঠন একত্ৰিত হ জাতি-মাটি-ভেটিৰ ৰক্ষাৰ স্বাৰ্থত ওলাই আহিবলৈ আহ্বান জনায়।