14
Sep
2018

newsnextone.com | ৰঙিয়াঃ জোনাই জিলাৰ তিনিগৰাকী কিশোৰীক আজি ৰঙিয়া আৰপিএফ-এ উদ্ধাৰ কৰে। পিচত ৰে’ল আৰক্ষীয়ে কিশোৰী তিনি গৰাকীক পৰিয়ালক গতাই দিয়াৰ ব্যৱস্থা কৰে। ৰে’ল আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, শুকুৰবাৰে পুৱাৰ ভাগত ৰঙিয়া আহি পোৱা ৰঙিয়া-মুৰ্কংচেলেং যাত্ৰীবাহী ৰে’ল গাড়ীখনত তিনিগৰাকী কিশোৰী ৰঙিয়া ষ্টেচনত নামে।
ষ্টেচনত দীৰ্ঘসময় আন ৰে’লৰ অপেক্ষাত কিশোৰী তিনিগৰাকী ৰৈ থকা অৱস্থাতে ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰি আৰপিএফ থানালৈ লৈ যায়। কিশোৰী তিনি গৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়া মতে, তেওঁলোকে পৰিয়ালক অৱগত নকৰাকৈ এনেদৰে ৰে’লযোগে আহিছে।
কিশোৰী তিনিগৰাকীৰ এজনীৰ মোমায়েকৰ ঘৰ বৰপেটাত বাবে তিনিও গৰাকীয়ে বৰপেটালৈ যোৱাৰ কথা আছিল বুলি কয়। ইফালে, এদিন পুৰ্বে তিনিগৰাকীকৈ কিশোৰী নোহোৱা হোৱাত পৰিয়ালৰ লোকে জোনাই থানাত নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ ৰুজু কৰিছে।