প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ৰঙিয়াঃ ৰাজ্যত কিশোৰী নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে ৰঙিয়া ৰেল আৰক্ষীয়ে দুখন যাত্ৰীবাহী ৰেলৰ পৰা অভিযান চলাই তিনিগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ৰঙিয়া ৰেল ষ্টেছনত দেওবাৰে নিশা ৰেল আৰক্ষীয়ে পৃথকে পৃথকে ৩ গৰাকী কিশোৰীক উদ্ধাৰ কৰে।

নৰ্থ ইষ্ট এক্সপ্ৰেছ যোগে  এগৰাকী পুৰুষ-মহিলাই শোণিতপুৰৰ মিছামাৰীৰ পৰা এগৰাকী কিশোৰীগৰাকীক বহিঃৰাজত নিয়াৰ উদ্দেশ্যে লৈ আহে৷ ৰঙিয়াত ৰেল আৰক্ষীয়ে কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰি সন্দেহ ওপজাত সোধ-পোছ কৰে তাৰ পিছতে বহিঃৰাজ্যত নিবৰ বাবে ট্ৰেন যোগে লৈ অহা বুলি অৱগত হৈ ৰেল আৰক্ষীয়ে ট্ৰেনৰ পৰা নমাই পুৰষ-মহিলা সহ কিশোৰীক ৰেল আৰক্ষীৰ থানালৈ লৈ আহে। পিছত আৰক্ষীয়ে পুৰুষ আৰু মহিলাক আটক কৰে।

আনহাতে পুৱা বাংগালুৰু এক্সপ্ৰেছত ৰঙিয়া ষ্টেছন পোৱাৰ পিছতে ২গৰাকী কিশোৰীক ৰেল আৰক্ষীয়ে এটি ডবাৰ ভিতৰত প্ৰত্যক্ষ কৰি সোধপোছ কৰে৷ দুয়োগৰাকী কিশোৰীয়ে ঘৰৰ মানুহক নোকোৱাকৈ অজ্ঞাতে এনেদৰে ট্ৰেনেৰে অসমলৈ আহে বুলি জানিব পাৰ গৈছে৷ ৰেল আৰক্ষীয়ে তিনিও গৰাকী কন্যাক জিম্মাত লৈ পৰিয়ালৰ লোকক খবৰ দিয়ে৷