
নলবাৰীঃ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগ উন্নয়ন খণ্ড এলেকাৰ ৫১ নং গাঁও পঞ্চায়তত ৩২ খনকৈ (এমজিএনৰেগা) আঁচনিৰ আধাৰশিলা স্থাপন কৰি স্থানীয় বিধায়ক নাৰায়ণ ডেকাই এক প্ৰকাৰ চমকৰ সৃষ্টি কৰে। বৃহৎ সংখ্যক আঁচনিৰ আধাৰশিলা স্থাপন কৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে। মৰোৱাত অনুষ্ঠিত এখন সভাত বিধায়ক নাৰায়ণ ডেকাই ভাষনত কয় যে আমি বৰক্ষেত্ৰী সমষ্টিক সকলো দিশতে আগবঢ়াই নিবলৈ চেষ্টা কৰি আছো।
সকলোৱে সহযোগ কৰক। ৰাজ্যত পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ পিছত উন্নয়ন হবলৈ ধৰিছে সমষ্টিটোত। বিগত সময়ত কংগ্ৰেছে বৰক্ষেত্ৰী সমষ্টিত বাস্তৱ উন্নয়ণ একো কৰিব পৰা নাছিল। যাৰ ফলত সকলোতে আমি উন্নয়নত হাত দিব লগা হৈছে। গতিকে ধৰ্য ধৰিব লাগিব। একেলগে সকলো কৰা সম্ভৱ নহয়। কংগ্ৰেছ বিগত পোন্ধৰ বছৰে শাসন ছলাইছিল বৰক্ষেত্ৰীত, আমাৰ বেছিদিন হোৱা নাই বুলিও দোহাৰে বিধায়ক ডেকাই৷