
সৰভোগঃ ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত চকিহালী গাওঁৰ নিবাসী ৰমদা দাসৰ কণমানি পুত্ৰ দিপাংকৰ নাথে (৪) যোৱা ৮ মে’ত বৰপেটা জিলাৰ সৰভোগৰ ওচৰত সংঘটিত বিবাহযাত্ৰীৰ গাড়ী দুৰ্ঘটনাত গুৰুতৰভাবে অাঘাতপ্ৰাপ্ত হৈছিল।
বৰ্তমান বেলতলাৰ এজাইল হস্পিতালত চিকিৎসাধীন হৈ থকা শিশুটি সুস্থ হৈ উঠিবলৈ প্ৰয়োজন হ’ব তিনিটাকৈ জটিল অস্ত্ৰোপচাৰৰ। চিকিৎসকে জনোৱামতে এই অস্ত্ৰোপচাৰৰ খৰচ প্ৰায় ৩ লাখ টকা।
চিকিৎসকৰপৰা এই কথা জানিবপৰাৰ পিছতে দৰিদ্ৰ পৰিয়ালটিৰ মুৰৰ ওপৰত সৰগ ভাঙি পৰিছে। অসহায় পৰিয়ালটোৱে এতিয়া অসমবাসী ৰাইজৰ পৰা সাহায্য বিচাৰিছে।
উক্ত অঞ্চলৰ বিভিন্ন দল-সংগঠনে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়কক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অনুৰোধ জনাইছে।
কোনো সদাশয় লোকে শিশুটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ ৩১৭৫৯৮০৯১৫৫ একাউণ্ট নম্বৰত সাহায্য প্ৰদান কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।