
গোৰেশ্বৰঃ নিতৌ নতুন বিদ্ৰোহী সংগঠন ভূমিষ্ঠ হৈছে ৰাজ্যখনত৷ একাংশ কম বয়সীয়া যুৱকে সংগঠন একোটাৰ জন্ম দি ধন দাবীৰে টকা ঘটিব বিচাৰে বুলি অভিযোগ উত্থাপন হৈছে৷ বিঠিএডি অঞ্চলত তেনে সংগঠনৰ সৈতে জড়িত যুৱক ইতিমধ্যে সেনা আৰক্ষীৰ জালত পৰিছে৷ নেচনেল ফ্ৰিডম ফাইটাৰ অব বড়োলেণ্ড নামৰ এটি অজ্ঞাত সংগঠনৰ দুজন কেডাৰক বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত টঙাবাৰী গাঁৱৰ পৰা চলিত মাহৰ ৭ জুলাইত গোৰেশ্বৰ আৰক্ষী আৰু সেনাৰ ২১ মাহাৰ ৰেজিমেন্টৰ গোৰেশ্বৰ কেম্পে অভিযান চলাই আটক কৰিছিল।
টঙাবাৰী গাঁৱৰ কনক বড়ো আৰু গোৰেশ্বৰ মংগল চ'কৰ শুকৰাম বড়ো ৭ জুলাইত আটক হৈছিল। নেচনেল ফ্ৰিডম ফাইটাৰ অৱ বড়োলেণ্ড নামৰ অজ্ঞাত সংগঠনটোৰ বিগৰাই দৈমাৰী নামৰ আন এজন কেডাৰ যোৱা ১৭ জুলাইত গোৰেশ্বৰৰ হালংবাৰীৰ পৰা সেনা আৰক্ষীয়ে আটক কৰে৷ বুধবাৰে নিশা পুনৰাই বাক্সা জিলাৰ গোৰশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত চেনীগাঁৱত ‘সংযুক্ত স্বাধীন অসমীয়া সেনা’ নামৰ সংগঠনৰ চাৰি সদস্যক ভাৰতীয় সেনাৰ মাহাৰ ৰেজিমেন্টে আটক কৰে।
নেচনেল ফ্ৰিডম ফাইটাৰ অব বড়োলেণ্ড নামৰ সংগঠটোৰ কেইবাজনো সদস্য আটক হোৱাৰ পিছত আজি পুনৰ আটক হয় নৱগঠিত সংগঠনৰ চাৰিজনকৈ সদস্য। জানিব পৰা মতে, সেনা-আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা চেনীগাঁৱৰ পৰা দুখন বাইকত অহা চাৰিজনীয়া দলটোক আটক কৰিবলৈ সক্ষম হয়। নতুনকৈ আত্মপ্ৰকাশ কৰা সংগঠনটোৰ কেডাৰ আটক হোৱাৰ ঘটনাই এক বৃহৎ সফলতা বুলি চিহ্নিত হৈছে।
সেনাৰ মাহাৰ ৰেজিমেণ্টৰ জোৱান আৰু শুৱাগপুৰ আৰক্ষীৰ যুটীয়া অভিযানত চেনীগাঁৱত এজন প্ৰাক্তন উগ্ৰপন্থীৰ পৰা পিষ্টল কিনিবলৈ আহি আটক হয় যুৱক কেইজন। গোৰেশ্বৰৰ জাব্ৰাংপাৰাৰ হিতেশ বেজবৰুৱা (২৫) বৰপেটাৰ মনিন্দ্ৰ পাটোৱাৰী (৩০), পাটাছাৰকুছিৰ মিন্টু সিংহা (৩৪) আৰু গোৰেশ্বৰ চেনীগাঁৱৰ হিতেশ কলিতা (২৮)ক সেনা আৰক্ষীয়ে আটক কৰে।
ইয়াৰে হিতেশ বেজবৰুৱা বাক্সা জিলাৰ কামাণ্ডাৰ, মুনিন্দ্ৰ পাটোৱাৰী নগাঁও জিলাৰ কামাণ্ডাৰ, মিণ্টু সিংহা লেফ্টেনেণ্ট কামাণ্ডাৰ, আৰু হিতেশ কলিতাই কেন্দ্ৰীয় সম্পাদক হিচাপে চিনাকি দিয়ে। ইয়াৰে মিণ্টু সিংহ নামৰ যুৱকজন গুৱাহাটীস্থ এটি ব্যক্তিগত খণ্ডৰ নিউজ চেনেলৰ ডিএছএনজি ভানৰ চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত বুলি পৰিচয় পত্ৰ উদ্ধাৰ হয়।
যুৱক কেইজনৰ সৈতে ৯ এমএম পিষ্টল এটা, এটা ডিটেনেটৰ, সংগঠনৰ পতাকা, ধনদাবী পত্ৰ আৰু নগদ ২৮, ০০০ (আঠাইশ হাজাৰ) টকা, এ-এচ-২৫-ই-৫৪৭৩ আৰু এ-এচ-০১-এ ৱাই-৪৬৬৩ নম্বৰৰ দুখন বাইক উদ্ধাৰ হয়। প্ৰায় দুমাহমানৰ পৰাই যুৱককেইজনে নাওকাটা অঞ্চলৰ কেবাজনো শিক্ষক, ব্যৱসায়ীক ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত ধন দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল বুলি জানিব পৰা গৈছে।
এই বৰ্ষৰ ব'হাগ বিহুৰ প্ৰাকক্ষণত বেনাৰ পোষ্টাৰ লগাই আত্মপ্ৰকাশ কৰা " ইউআইএএ" নামৰ সংগঠনটোৰ চাৰি সদস্যক আটক কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০১৭ চনৰ ফ্ৰেব্ৰুৱাৰীত অসমৰ মুঠ ১৪ জন সদস্যৰে জন্ম হৈছিল সংগঠনটো। সুবোধ দাস সংগঠনৰ সৰ্বাধিনায়ক বুলি জানিব পৰা গৈছে। ৰাজ্যৰ কেইবাখনো জিলাত সংগঠনৰ বিষয়ববীয়া আৰু সদস্য ভৰ্ত্তি চলি আছে বুলিও জানিব পৰা গৈছে।