03
Aug
2017

NELive.in
মুছলপুৰঃ ৭ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘন্টীয়া বিটিএডি বন্ধ ঘোষণা কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে৷
এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়া, বিটিএডিৰ অবড়ো গাঁও কৰ্তন কৰা, পৃথক বড়ো ৰাজ্যৰ বিৰোধিতা কৰি অবড়ো সুৰক্ষা সমিতিয়ে অহা ৭আগষ্টৰ পুৱা ৫বজাৰ পৰা ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ আহ্বান জনাইছে।
সংগঠনটোৰ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতি যোগে বিটিএডিত বাৰে বাৰে প্ৰতিবাদী কন্ঠ ৰুদ্ধ কৰাৰ বাবে ৰাজনৈতিক হত্যা সংঘটিত হৈ আহিছে বুলি কয়।
মনোজ দাসৰ দৰে যাতে লাফিকুল হত্যাৰ তদন্ত আৰক্ষীয়ে ভেকোঁভাওনা কৰিব নোৱাৰে তাৰ বাবে লাফিকুল হত্যাৰ তদন্ত চিবিআইক দিয়াৰ প্ৰয়োজন বুলি কয় কলিতাই।
লাফিকুল হত্যাকাৰীক দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবীত অহা ৫ আগষ্ট শনিবাৰে পুৱা ৫বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে অসম মিঞা(অসমীয়া) যুৱ পৰিষদে।