
জাগীৰোডঃ ৰাজ্যত সঘনাই চুৰি ডকাইতি কাণ্ড সংঘটিত হৈ অহাৰ সময়তে শুকুৰবাৰে নিশা ৰোগী কঢ়িওৱা বাহনেৰে এটিএম লুটিবলৈ আহি জালত পৰিল ৭গৰাকী চোৰ৷ মাজনিশা এটিএম লুটিবলৈ আহি মৰিগাঁও আৰক্ষীৰ জালত পৰে ৭জনকৈ চোৰ৷ বিভিন্ন সময়ত সংঘটিত চুৰি-ডকাইতিৰ ঘটনাৰ সৈতে জড়িত লোক ধৰা পৰে যদিও বহু সময়ত ঘটনাৰ সৈতে জড়িত লোকক আটক কৰিবলৈ সক্ষম নহয় আৰক্ষীয়ে৷
কিয়নো চুৰিকাৰ্যত চোৰে ব্যৱহাৰ কৰা দেখা গৈছে ৰোগী কঢ়িওৱা বাহন৷ ৰোগী কঢ়িওৱা বাহন ব্যৱহাৰ কৰিলে আৰক্ষীয়ে সন্দেহ নকৰে৷ ফলত চোৰে সহজে চুৰি কাৰ্য সংঘটিত কৰি অনায়াসে পলায়ণ কৰিব পাৰে৷ মৰিগাঁও জিলাৰ জাগীৰোডত শুকুৰবাৰে নিশা ৰোগী কঢ়িওঁৱা বাহনেৰে এটি এম লুটিবলৈ আহি আৰক্ষীৰ জালত পৰে নলবাৰী আৰু বাক্সা জিলাৰ উমেদ আলী, কাছেম আলী, চাহজাহান আলী, মোকছেদ আলী, ৰহমান আলী, মাহিদ আলী আৰু লাল চান্দ আলী নামৰ সাতগৰাকী চোৰ৷
জানিব পৰা মতে, মৰিগাঁও জিলাৰ জাগীৰোডত কাগজ কলৰ সন্মুখৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটিএমৰ সন্মুখত নিশা দুখন জিএনআৰচিৰ বাহন ৰখাই থোৱা আছিল৷ উক্ত সময়তে, মৰিগাঁৱৰ উপ-আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে সন্দেহ জনক গাড়ী কেইখন জাগীৰোডত প্ৰৱেশ কৰাৰ উমান পাই অভিযান চলাই৷ আৰক্ষীয়ে দূৰৰ পৰা এটিএমটোৰ সন্মুখত দুখন বাহন ৰখাই থোৱা প্ৰত্যক্ষ কৰে৷
কেইজন মান লোক এটিএমৰ ভিতৰত সোমাই থকাৰ লগতে কেইজনমান বাহিৰত থকাত আৰক্ষীয়ে এটিএমটো ঘেৰি লৈ ৭জন দুৰ্ধৰ্ষ চোৰক আটক কৰে যদিও ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ৫জন চোৰ। মাজ নিশা জিএনআৰচিৰ বাহন লৈ এটিএম লুটি নিয়াৰ চেষ্টা কৰাৰ লোককেইজনৰ সৈতে AS-01-EC-4170 আৰু AS-01-BY-4168 নম্বৰৰ ৰোগী কঢ়িওৱা বাহন জব্দ কৰিবলৈ সক্ষম হয়৷