ডিজিটেল ডেস্কঃ গৌৰী লংকেশ হত্যাকাণ্ডৰ সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী দলে পুনৰ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। অমিত আৰু গণেশ নামৰ দুজন লোকক বিশেষ তদন্তকাৰী দলে হুবলীৰ পৰা গ্ৰেপ্তাৰ কৰে। দেওবাৰে গ্ৰেপ্তাৰ কৰা দুয়োজন লোকক বেংগালুৰুৰ মেট্ৰ পলিটান আদালতত হাজিৰ কৰাত ৬ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰদান কৰে অমিত আৰু গণেশক।

ইয়াৰ পূৰ্বে পৰশুৰাম বাঘমাৰে নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছিল। পৰশুৰামক একাংশ সংবাদ মাধ্যমে শ্ৰীৰাম সেনাৰ নেতা বুলি প্ৰকাশ কৰিছিল। বিশেষ তদন্তকাৰী দলে মহিলা সংবাদিক গৌৰী লংকেশক হত্যাৰ অভিযোগত পৰশুৰামক গ্ৰেপ্তাৰ কৰাৰ পিছতে শ্ৰীৰাম সেনাৰ ৰাকেশ মথ নামৰ এগৰাকী জিলা সভাপতিক চমন প্ৰেৰণ কৰি সোধপোছৰ বাবে হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল৷ 

কানাড়া পত্ৰিকা ‘গৌৰী লংকেশ পত্ৰিকা’ৰ সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ড তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে পৰশুৰাম বাঘমাৰেক জুন মাহত গ্ৰেপ্তাৰ কৰিছিল৷ উত্তৰ কৰ্ণাটকৰ বিজয়পুৰ জিলাৰ পৰা আটক কৰিছিল পৰশুৰামক৷ তদন্তকাৰী দলৰ সন্মুখত পৰশুৰামে গৌৰী লংকেশত গুলীয়াই হত্যা কৰাৰ কথা প্ৰকাশো কৰা বুলি উল্লেখ কৰে বিশেষ তদন্তকাৰী দলে৷ কিন্তু পৰশুৰামে জনা নাছিল তেওঁ হত্যা কৰিব খোজা লোকগৰাকী কোন আছিল৷ বিশেষ লোকৰ নিৰ্দেশত এই কাম কৰা বুলি অনুমান কৰা হৈছে৷ 

২০১৭ চনৰ ৫ ডিচেম্বৰত গৌৰী লংকেশক বেংগালুৰুৰ পাশা এলেকাত নিজ ঘৰৰ চৌহদতে ৪টা গুলী মাৰি হত্যা কৰিছিল৷ সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল ন্যায় বিচাৰি৷ তাৰ পিছতে স্থানীয় চৰকাৰে বিশেষ তদন্তকাৰী দল গঠন কৰে৷

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ মতে, পৰশুৰামে দিয়া স্বীকাৰোক্তি মতে, পৰশুৰামক কোনো লোকে ২০১৭ চনৰ মে’ মাহত নিজ ধৰ্ম ৰক্ষাৰ বাবে কাৰোবাক মাৰিব লাগে বুলি কৈছিল৷ তেওঁ মাৰিবলৈ সন্মত হৈছিল৷ তেতিয়ালৈকে পৰশুৰামে জনা নাছিল কাক মাৰিব লাগে৷ তেওঁ কয় ‘‘মই এতিয়া ভাবিছোঁ কোনো মহিলাক মাৰিব নালাগিছিল৷’’

পৰশুৰামক বিজয়পুৰ জিলাৰ পৰা কোনো লোকে বাংগালুৰুলৈ লৈ আহিছিল৷ প্ৰথমে তেওঁক এটা ঘৰত ৰখা হয়৷ বেলগাবী নামৰ ঠাইত পিষ্টল চলোৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল৷ পিছত যিগৰাকী মানুহক হত্যা কৰিবলৈ লৈ আহিছিল সেই লোকগৰাকীৰ ঘৰটো দেখুৱাব লৈ গৈছিল পৰশুৰামক৷ দ্বিতীয় দিনা এগৰাকী অচিনাক্ত লোকে পৰশুৰামক বাইকেৰে গৌৰী লংকেশৰ আৰআৰ নগৰৰ ঘৰত ওচৰত থৈ আহে৷ সেই দিনাই মোক গৌৰী লংকেশক হত্যা কৰিব দিছিল যদিও সেই দিনা গৌৰী লংকেশে ঘৰৰ পৰা ওলোৱা নাছিল৷

'তাৰ পিছতে ২০১৭ চনৰ ৫ ডিচেম্বৰত আবেলি মোক বন্দুক দিয়া হৈছিল৷ সন্ধিয়া গৌৰী লংকেশে গাড়ীৰ দুৱাৰ খুলি ঘৰৰ ফালে আগবঢ়াৰ লগে লগে মই তেওঁক ৪টা গুলী মাৰিছিলো৷ তাৰ লগে লগে বাইকত ৰৈ থকা মানুহজনৰ সৈতে তাৰ পৰা আহি নিশাই তাৰ পৰা বিজয়পুৰ ঘৰলৈ আহিছিলো৷'-পৰশুৰামে কয়। পৰশুৰামক কেইবাটাও সংবাদ প্ৰতিষ্ঠানে শ্ৰীৰাম সেনাৰ সৈতে জড়িত বুলি দাবী কৰে৷ কৰ্ণাটক-মহাৰাষ্ট্ৰ সীমান্তৰ বিজপুৰ জিলাৰ বাসিন্দা পৰশুৰাম বাঘমাৰে৷ গৌৰী লংকেশ আছিল ‘গৌৰী লংকেশ পত্ৰিকা’ নামৰ সংবাদপত্ৰৰ সাংবাদিক তথা প্ৰতিষ্ঠাপক৷