newsnextone.com।যোৰহাটঃ যোৰহাট জিলাৰ সমীপৱৰ্তী জেইল ৰ'ডৰ কামাখ্যা ডায়গ'নষ্টিক এণ্ড হেল্থ কেয়াৰত পোনপ্ৰথম বাৰৰ বাবে বনৌষধি চিকিৎসা আৰু গৱেষণা কেন্দ্ৰৰ তত্বাৱধানত  আজি সম্পূৰ্ণভাবে আয়ুৰ্বেদিক চিকিৎসা সেৱাৰ বহিঃ বিভাগ মুকলি কৰা হয়।

গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ দীপক কুমাৰ কুমাৰ গোস্বামীয়ে কেন্দ্ৰটো মুকলি কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰে ডাঃ অমূল্য কুমাৰ ডেকাই। ভাষণ প্ৰসংগত ডাঃ গোস্বামীয়ে কয়, এইয়া যোৰহাটৰ বাবে এক মাইলৰ খুঁটি হৈ পৰিব।

আনহাতে ডাঃ ডেকাই ৰোগী চোৱাৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ আসোঁৱাহ ৰৈ নাযায় তাৰ প্ৰতি  সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে।  প্ৰতাপ বৰদলৈয়ে আঁতধৰা অনুষ্ঠানত গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ডাঃ বিনোদ কলিতা, ডাঃ মনিৰুদ্দিন দেৱান , ডাঃ অমূল্য কুমাৰ ডেকা ডাঃ এছ আহমেদ,ডাঃ কৃষ্ণকান্ত নাথ আৰু কামাখ্যাৰ পেথল'জিষ্ট ডাঃ অনুপম গগৈ আদি ভালেসংখ্যক লোক উপস্থিত থাকে।