
লখিমপুৰঃ পৌৰসভা, গাঁও পঞ্চায়তৰ দুৰ্নীতি নতুন কথা নহয়৷ ব্যাপক দুৰ্নীতি সংঘটিত কৰি গাঁও-চহৰ উন্নয়ণৰ বাবে চৰকাৰে আৱন্টন দিয়া টকাৰ বিষয়া-অভিযন্তাই চানকাঢ়ি কোটি কোটি টকা লুন্ঠন কৰে ৷ কিন্তু এইবাৰ বিপৰীত৷ এইবাৰ ৰাজ্যৰ এখন পৌৰ সভাই ব্যৱসায়ীৰ পৰা জমাকৃত ৰাজহ হৰলুকি কৰাৰ ব্যাপক অভিযোগ উত্থাপন হৈছে ৷ বছৰ বছৰ ধৰি ব্যৱসায়ীৰ পৰা লাভ কৰা ৰাজহৰ কোনো হিচাপ নাই পৌৰ সভাৰ হাতত ৷ পৌৰসভা খনৰ অধিনৰ ব্যৱসায়ীয়ে ৰচিদ লৈ কৰ আদায় দিয়ে যদিও এই সন্দৰ্ভত তথ্য নাই পৌৰসভাৰ কাৰ্যালয়ত৷
এতিয়া প্ৰশ্ন উত্থাপন হৈছে ব্যৱসায়ীয়ে আদায় দিয়া কৰ পৌৰ সভাৰ কোনগৰাকী বিষয়াই খালে৷ এই দুৰ্নীতি ঘটনা সংঘটিত হৈছে লখিমপুৰ পৌৰ সভাত৷ চৈধ্যতা ৱাৰ্ডেৰে গঠিত পৌৰ সভা খনৰ এই কাণ্ড পোহৰলৈ অহাৰ পিছতে চকু কপালত উঠিছে ৰাইজৰ। এগৰাকী আৰটিআই কৰ্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধিনত এক আবেদন যোগে পৌৰ সভাৰ অধিনত কৰ দি ব্যৱসায় কৰি থকা লোহা-ছিঙাৰ ব্যৱসায় সন্দৰ্ভত জানিবলৈ বিছাৰে৷ কিমান গুডাম আছে, অনুজ্ঞাপত্ৰ আছে নে নাই তথ্য বিছাৰি আবেদন কৰিছিল আৰটিআই কৰ্মীয়ে।
সময়মতে উত্তৰো দিয়ে পৌৰসভাই৷ পৌৰ সভাই দিয়া তথ্য মতে ৯নং ৱাৰ্ডত এখন, চৈধ্য নং ৱাৰ্ডত এঘাৰ খন লোহা-ছিঙাৰ ব্যৱসায় প্ৰতিষ্ঠান থকাৰ লগতে পৌৰ সভাৰ অধিনত গুদামৰ সংখ্যা কেৱল চাৰিটা বুলি উল্লেখ কৰে৷ পৌৰসভাৰ তথ্য লাভ কৰাৰ পিছতে খোদ তদন্ত আৰম্ভ কৰে আৰটিআই কৰ্মীগৰাকীয়ে৷ পৌৰ সভাই এজন ব্যৱসায়ী থকা বুলি তথ্য দিয়াৰ বিপৰীতে ৯নং ৱাৰ্ডতে ওলাল পাঁচজনেকৈ ব্যৱসায়ী৷
আন আন ৱাৰ্ডতো অলেখ এনে ব্যৱসায়ী আছে যদিও এই তথ্য নিদিলে পৌৰ সভাই৷ ৯নং ৱাৰ্ডৰ ব্যৱসায়ীকেইজনে ২০১৭-১৮ চনলৈকে পৌৰ সভাৰ কৰ আদাই দিয়া ৰচিদ পৰ্যন্ত মজুত আছে৷ পৌৰ সভাই এই সকলৰ তথ্য গোপনে ৰাখি কেৱল এজন ব্যৱসায়ীৰ তথ্য দি কৰ আদায় দিয়া তথ্য আৰটিআই কৰ্মীক কিয় যোগান নধৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ পৌৰ সভাৰ ৰচিদ থকাৰ পিছতো চৰকাৰৰ ধন ৰাজভড়াললৈ কিয় নাহিল তাক লৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ৷
পৌৰ সভাৰ অনুমতি নোলোৱাকৈ আজিও প্ৰায় অৰ্ধ শতাধিক লোকে লোহা-ছিঙাৰ গুডাম সহিতে ব্যৱসায় চলাই গৈছে যদিও চকু মুদা কুলিৰ ভাও জুৰিছে লখিমপুৰ পৌৰ সভাই। যাৰ ফলত লাখ লাখ টকা কৰ হেৰাইছে পৌৰ সভাই। পৌৰ সভাই এই ব্যৱসায়ীৰ তথ্য গোপনে ৰাখিছে যদিও প্ৰশাসনে তদন্ত কৰিলে প্ৰকৃত ৰহস্য উৎঘাটন হ’ব বুলি কয় একাংশ লোকে৷ লখিমপুৰ চহৰত কিছু দুৰ নিলগে নিলগে লোহা-ছিঙা ব্যৱসায়ীৰ গুডামেৰে ভৰি আছে যদিও অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা নকৰাৰ লগতে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই পৌৰসভা খনে৷ যাৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হৈছে৷ পৌৰ সভাই নগৰ খনত মাথো চাৰিটা হে গুডাম থকা বুলি প্ৰকাশ কৰিছিল৷