
গুৱাহাটীঃ গ্ৰন্থই এটা যুগৰ পৰা আন এটা যুগৰ বাবে ইতিহাস সংৰক্ষণ কৰে৷ গ্ৰন্থই মানৱ সৃষ্ট ঘটনা-পৰিঘটনা, বিজ্ঞান, প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ-বিগ্ৰহ, স্মৰণীয় ঘটনাক, মানুহৰ জীৱনৰ কৰ্মৰাজীকে ধৰি সকলো কথাই সংৰক্ষণ কৰে৷ কিন্তু তাৰ বাবে হ’ব লাগিব গ্ৰন্থৰ সংৰক্ষণ৷
কিয়নো গ্ৰন্থ সংৰক্ষণ নহলে ইতিহাস আধৰুৱা হৈ ৰ’ব৷ ইতিহাস আধৰুৱা হোৱাই নহয় বিকৃত ইতিহাসৰ সাক্ষী হৈ ৰ’ব একো একোটা প্ৰজন্ম৷ ইটো প্ৰজন্মই সিটো প্ৰজন্মৰ ইতিহাস জানিবলৈ গ্ৰন্থ লিখি সংৰক্ষণ কৰি থৈ যাব লাগিব৷ কেৱল ইতিহাস সম্বলিত গ্ৰন্থই নহয় কবিতা, গল্প, সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কুইজ, অনুবাদমূলক সাহিত্য সকলো জ্ঞানৰ ভাণ্ডাৰ সংৰক্ষণ হলে ৰস ল’ব পাৰিব নতুন প্ৰজন্মই৷ তেতিয়া মানুহৰ জীৱনৰ বাবে গ্ৰন্থ হৈ পৰিব অমূল্য সম্পদ৷
জীৱন, সত্য, ইতিহাসৰ বিশ্লেষণ তথা সকলো কথাই আহৰণ কৰিব পাৰিব গ্ৰন্থ অধ্যয়ণৰ জৰিয়তে৷ গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ যেন ভৰাল একো একো খন কিতাপ৷ সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কবিতা, কুইজ, অনুবাদমূলক সাহিত্য সকলো জ্ঞানৰ বৰঘৰ৷ ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন সাহিত্য, পৰম্পৰা, কলা, কৃষ্টি সোৱাদ লব পাৰি কিতাপৰ জৰিয়তে৷ গ্ৰন্থই ইতিহাস সংৰক্ষণ কৰিব পাৰিব যেতিয়া আমি গ্ৰন্থ সংৰক্ষণ কৰিম৷
আপুনি যদি কিতাপ পঢ়ে তেন্তে নিসন্দেহে কব পাৰিব আমাৰ প্ৰকৃত বন্ধু হৈছে কিতাপ৷ গ্ৰন্থ হৈছে একোগৰাকী মানুহৰ জীৱন পৰিক্ৰমা স্বৰূপ৷ গ্ৰন্থ অধ্যয়ণ কৰি লাভ কৰি অভিজ্ঞতা, জ্ঞানে মানুহক সৰল, সহজ, চিন্তাশীল কৰি তোলে৷ মানুহক ভালপোৱাৰ, প্ৰকৃতিক ভালপোৱাৰ আদি পাঠ কিতাপে আনি দিব পাৰে৷ বুৰঞ্জী, মানৱ সভ্যতাৰ কথাও পুথি কেইখনে আমাক-আপোনাক দিয়ে৷ পুথিৰ আদৰ আৰু নতুনকৈ বৰ্ণনা কৰিব লগা নাই৷
কিতাপ পঢ়া মানুহৰ ঠাইক জ্ঞানী মানুহ থকা ঠাই বুলি আজিও কব খোজে মানুহে৷ মানুহৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। এখন গ্ৰন্থক জ্ঞানৰ অক্ষয় ভাণ্ডাৰ বুলি কয়। গ্ৰন্থৰ অধ্যয়নে মনৰ অন্ধকাৰ আতৰাই জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলে একো একোজন মানুহক৷ এই কথা যুগে যুগে বহু লোকে কৈ আহিছে৷ কিন্তু সময়বোৰ সলনি হ’ল৷ লাহে লাহে তথ্য আৰু প্ৰযুক্তি বিদ্যাই মানুহৰ হাতলৈ মোবাইল লৈ আহিল৷
সকলোৰে হাতে হাতে এণ্ডৰইড মোবাইল হোৱাৰ ফলত গুগলৰ চাহিদা বৃদ্ধি হ’বলৈ ধৰিলে৷ মোবাইলতে বহু তথ্য লাভ কৰিব ধৰিলে মানুহে৷ বিশ্ব আগশাৰীৰ দেশ বোৰে অনলাইন আলোচনী তথা ই-আলোচনী গ্ৰন্থ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে৷ আমাৰ দেশত তথা ৰাজ্যত লাহে লাহে তেনে এক ধাৰণা আৰম্ভ হৈছে৷ বাতৰিৰ পৰা আৰম্ভ কৰি সকলো এতিয়া মোবাইলত পাবলৈ আৰম্ভ কৰিলে৷
জ্ঞানৰ অগ্ৰগতিৰ লগে লগে বিভিন্ন ইলেকট্ৰনিক মাধ্যমৰ আগ্ৰাসনৰ ফলত ৰাইজ তথা যুৱ প্ৰজন্মৰ মাজত অধ্যয়নৰ স্পৃহা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। সকলো ক্ষেত্ৰতে প্ৰতিযোগিতামূলক মনোভাৱৰ ফলত যুৱ প্ৰজন্মই গ্ৰন্থ অধ্যয়নতকৈ অন্যান্য বিষয়ত সময় অতিবাহিত কৰাৰ প্ৰৱনতাৰ বাবেই পুথিৰ প্ৰভাৱ কমি আহিছে বুলি কোৱা হয় যদিও গ্ৰন্থৰ মাদকতা তথা প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰি গৈছে ৰাজ্য খনৰ বহু লোকে বহু অনুষ্ঠানে৷ তেনেই এটা অনুষ্ঠান হৈছে প্ৰেৰণা পুথি ভঁৰাল৷
নামনি অসমৰ নলবাৰী জিলাৰ গ্ৰন্থ বিপ্লৱৰ অন্যতম হোতা হৈ পৰিছে প্ৰেৰণা পুথিভঁৰাল৷ মানুহক ভালপোৱা মানুহৰ অনুষ্ঠান বুলি কোৱা হয় প্ৰেৰণাক৷ গ্ৰন্থৰ প্ৰেমীকৰ এটি অনুষ্ঠান বুলি কোৱা হয়৷ প্ৰকৃত শিক্ষাৰ দিনলিপি, শিক্ষা আৰু জ্ঞানৰ পোহৰ দিবলৈ চেষ্টা কৰা, আৱাল, বৃদ্ধ বনিতা, কিশোৰ-কিশোৰীৰ আবেগৰ অনুষ্ঠান বুলি কোৱা হয় প্ৰেৰণাক৷ বহু টকা খৰছ কৰিও তেনে অনুষ্ঠান গঢ় দিব নোৱাৰি৷
তেনে অনুষ্ঠান গঢ় দিবলৈ আপুনি এজন ভাল অন্তৰৰ মানুহ হ’ব লাগিব৷ য’ত দিনে নিশাই মানুহেৰে ভৰি থাকে৷ যত আলোচনা কৰা হয় কেৱল জ্ঞানৰ কথা৷ দৰিদ্ৰৰ সন্তানৰ পৰা আৰম্ভ কৰি ধনীৰ সন্তানলৈকে কেৱল আহে জ্ঞান লাভৰ বাবে৷ তাত জ্ঞান আহৰণ কৰিবলৈ আপুনি দিব নালাগে টকা৷ সেই অনুষ্ঠানে আপোনাক দিয়ে সৎ হবলৈ, মানুহ হবলৈ উচিত শিক্ষা৷ যাক আমি বিদ্যালয় নতুবা মহাবিদ্যালয়ে নহয় গাঁৱৰ বিশ্ববিদ্যালয় বুলি নাম দিব পাৰো৷ জগত পোহৰাব খোজা এজন মানুহ যিজনে অহৰহ কষ্ট কৰি দিন-ৰাতি একাকাৰ কৰি থিয় কৰাইছে প্ৰেৰণা পুথিভঁৰালক৷
নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ বিহামপুৰৰ বাসিন্দা, প্ৰৱক্তা, প্ৰগতিশীল ব্যক্তি দ্বীজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ প্ৰচেষ্টাত ভূমিষ্ঠ হোৱা প্ৰেৰণা পুথিভঁৰালক কেৱল নলবাৰীৰে নহয় সমগ্ৰ অসমৰ বাবে প্ৰেৰণা৷ গ্ৰন্থ পঢ়াৰ প্ৰতিযোগিতা গঢ় দিছে এই অনুষ্ঠানটোৱে৷ অলেখ মানুহৰ আদৰ্শ হৈ পৰিছে এই অনুষ্ঠান৷ কুইজ প্ৰতিযোগিতাৰ বাবে বিখ্যাত এই অনুষ্ঠান৷ কুইজৰ উত্তৰ বিছাৰি স্কুলৰ পৰাই আহি ছাত্ৰ-ছাত্ৰীয়ে দৌৰ দিয়ে প্ৰেৰণা পুথিভঁৰাললৈ৷ এইবাৰ প্ৰেৰণা পুথিভঁড়ালত আৰম্ভ হ'ব আন এক পদক্ষেপ৷
আৰম্ভ হ’ব বিশ্বৰ, দেশৰ, ৰাজ্য খনৰ গ্ৰন্থ সংৰক্ষণৰ কাম৷ "স্মৰণিকা কোষ" নামেৰে আৰম্ভ কৰা হৈছে সংৰক্ষণৰ কাম৷ অধ্যয়ন তথা সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী, সোণালী জয়ন্তী, হীৰক জয়ন্তী, শতবৰ্ষৰ স্মৰণিকা, স্মৃতিগ্ৰন্থ, কোষগ্ৰন্থ আদি। পুথিভঁড়ালটোত উপলব্ধ হ'ব অসমৰ বিভিন্ন অঞ্চলৰ কৃতী ব্যক্তিৰ অভিনন্দন গ্ৰন্থ, শ্ৰাদ্ধৰ স্মৰণিকা, স্মৃতিগ্ৰন্থ।
প্ৰেৰণা পুথি ভঁৰালৰ বাবে স্মৰণিকাসমূহ অকল অনুষ্ঠান নতুবা ব্যক্তিগৰাকীৰ স্মৃতিচাৰণ নহয় বৰঞ্চ সংশ্লিষ্ট অঞ্চলটোৰে সমাজ-ইতিহাসৰ একো একোখন দলিল স্বৰূপ। প্ৰেৰণা পুথিভঁড়ালত এনে স্মৰণিকাসমূহ সংৰক্ষণৰ বাবে এটি স্মৰণিকা কোষ খোলাৰ সিদ্ধান্ত ইতিমধ্যই সিদদ্ধান্ত লৈ কাম চলাই থকা বুলি জানিব পৰা গৈছে৷
অসমৰ বিভিন্ন অঞ্চলৰ পৰা স্মৰণিকাসমূহ প্ৰেৰণা পুথিভঁড়ালক প্ৰেৰণ কৰিব বুলি প্ৰেৰণাই আশাকৰে আৰু নৱপ্ৰয়াসে পূৰ্ণতা লাভ কৰিব বুলি ভাবে। প্ৰিয় ব্যক্তিৰ স্মৰণিকা নতুবা বিভিন্ন গ্ৰন্থ প্ৰেৰণা পুথিভঁড়ালত সংৰক্ষণ কৰিবৰ বাবে দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক, প্ৰেৰণা পুথিভঁড়াল, বিহামপুৰ, নলবাৰী, অসম (PRERONA PUTHIBHARAL, Vill-Bihampur, P.O. Bihampur, Dist-Nalbari, ASSAM, Pin-781303, Mob-9678875255) ঠিকনাত প্ৰেৰণ কৰিব পাৰিব৷