
ডিজিটেল ডেস্কঃ তেহেলকাৰ প্ৰতিষ্ঠাপক সম্পাদক তৰুণ তেজপালৰ আবেদন খাৰিজ কৰিলে আদালতে৷ ধর্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা তৰুণ তেজপালৰ আবেদন বৃহস্পতিবাৰে খাৰিজ কৰে আদালতে৷
তৰুণ তেজপালৰ বিৰুদ্ধে উত্থাপন কৰা ধৰ্ষণৰ অভিযোগ খাৰিজ কৰাৰ বাবে আবেদন জনাইছিল গয়াৰ মাপুসা আদালতত৷ নিম্ন আদালতে গোচৰত দোষী সাব্যস্ত কৰি ইতিমধ্যে ৰায় প্ৰদান কৰাত উচ্চ ন্যায়লয়ত আবেদন কৰিছিল তেজপালে৷
২০১৩ চনত তেহেলকাৰ এটি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব যোৱাৰ সময়ত এগৰাকী উদিয়মান মহিলা সাংবাদিকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল তেজপালৰ বিৰুদ্ধে৷ হোটেলৰ লিফ্টটত তেজপালে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰাত যুৱতীগৰাকীৰ পৰিয়ালে গোচৰ ৰুজু কৰিছিল৷
এই ঘটনাই সমগ্ৰ দেশতে হৈ-চৈৰ সৃষ্টি কৰিছিল৷ তেজপালে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল৷ তেহেলকাৰ সম্পাদক পদ এৰি দিয়াৰ লগে লগে গ্ৰেপ্তাৰ হ’ব লগা হৈছিল তেজপাল৷ ভাৰতৰ সংবাদ মাধ্যমত এক সুকীয়া পৰিচয় আছিল তেজপালৰ৷ ষ্ট্ৰিং অপাৰেচনৰ বাদশ্বাহ ৰূপে জনা গৈছিল সাংবাদিকগৰাকীক৷
২০১৪ চনত উচ্চ ন্যায়লয়ে জামিন মঞ্জুৰ কৰে যদিও উক্ত গোচৰ খাৰিজ কৰাৰ বাবে আবেদন জনাইছিল আদালতত৷ কিন্তু আদালতে এই আবেদন খাৰিজ কৰে৷ নিম্ন আদালতে তেজপালক দোষী সাব্যস্ত কৰাত উচ্চ ন্যায়লয়ত আবেদন কৰি মুখ থেকেচা খাই তেজপালে৷ মুম্বাই উচ্চ ন্যায়লয়ৰ পানাজী বেঞ্চে পুনৰ শুনানী কৰাৰ কথা কৈ গোচৰৰ শুনানীৰ পৰবৰ্তি দিন ধাৰ্য কৰে ০১ নৱেম্বৰ৷