
newsnextoneৰঙিয়া ৪ অক্টোৱৰঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াটো আধাৰ কাৰ্ড বনোৱাৰ সুবিধা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। প্ৰথমে বেংক সমূহৰ গ্ৰাহক সকলক আধাৰ কাৰ্ড বনোৱাৰ বাবে বেংক সমূহৰ ফালৰ পৰা সুবিধা প্ৰদান কৰা হৈছিল। শেহতীয়া ভাবে ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজৰ বাবে এনে সুবিধা আৰম্ভ কৰিছে। এই সম্পৰ্কত জানিৱ পৰা মতে কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া ৰাজহ চক্ৰৰ এলেকাৰ ৯ টা কেন্দ্ৰত আধাৰ কাৰ্ডৰ কাম আৰম্ভ কৰা হৈছে ।
ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এমিলী বৰুৱাই জানিৱলৈ দিয়ামতে ৬ অক্টোবৰত ৰঙিয়াত বিশেষ ভাৱে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৰঙিয়া ৰাজহ চক্ৰ এলেকাৰ বিছেন্নালা গাওঁ পঞ্চায়ত আৰু বৈদ্যগড় গাওঁ পঞ্চায়তৰ তৰণী আৰিমত্ত ভৱনত, আৰিমত্ত গাওঁ পঞ্চায়ত, মধ্য পাণ্ডুৰী গাওঁ পঞ্চায়ত আৰু জয়ন্তীপুৰ গাওঁ পঞ্চায়তৰ ৰঙিয়া খণ্ড উন্নয়ন কাৰ্যালয়ত, ডিমু-ডোবক গাওঁ পঞ্চায়ত আৰু বড়িগোগ গাওঁৰ নিজ বড়িগোগ পি.এইচ.ই কেন্দ্ৰত, মৰাণজানা গাওঁ পঞ্চায়ত আৰু চেপ্টী নকুল গাওঁ পঞ্চায়তৰ ছেপ্টী নকুল পঞ্চায়তত, পদুমকুৱৰী গাওঁ পঞ্চায়তৰ ৰঙিয়া কলেজত, বৰদল গাওঁ পঞ্চায়ত আৰু ৰঙিয়া টাউনৰ ৮,১০ নং ৱাৰ্ডৰ ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত, মধুকুছি গাওঁ পঞ্চায়ত, বীৰদত্ত আৰু হৰদত্ত গাওঁ পঞ্চায়তৰ বীৰদত্ত গাওঁ পঞ্চায়তত, ৰঙিয়া টাউনৰ ১,২,৬,৭ আৰু ৯ নং ৱাৰ্ডৰ ৰঙিয়া বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আৰু ৰঙিয়া টাউনৰ ৩,৪ আৰু ৫ ৱাৰ্ডৰ ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত ৰাইজে আধাৰ কাৰ্ডৰ বাবে আৱেদন কৰিব পাৰিব৷ আনহাতে ডাকঘৰ সমূহক আধাৰ কাৰ্ড বনোৱাৰ দায়িত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
প্ৰেৰকঃ নছিউৰ ৰহমান, ৰঙিয়া ।