কোকৰাঝাৰঃ ৰাজ্যত আধাৰ কাৰ্ডক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে কোকৰাঝাৰ জিলা প্ৰশাসনে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ আধাৰ কাৰ্ডৰ কামত সত্যাপন বিষয়া-কৰ্মচাৰী হিচাপে নিয়োজিত চৰকাৰী কৰ্মচাৰীক বুধবাৰে প্ৰশিক্ষণ প্ৰদান কৰে জিলা প্ৰশাসনে৷

কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই। উল্লেখ্য যে, ইউনিক আইডেনটিফিকেচন অথৰিটি অব ইণ্ডিয়াৰ চিষ্টেম এক্সপাৰ্ট জেহিৰুল ইছলামে কোকৰাঝাৰ জিলাৰ ৪৩গৰাকী আৰু চিৰাং জিলাৰ ৩৪গৰাকী কৰ্মচাৰীক আধাৰ কাৰ্ডৰ সত্যাপন পৰীক্ষণৰ প্ৰশিক্ষণ প্ৰদান কৰে।

জিলা প্ৰশাসনে আধাৰ কাৰ্ডৰ কাম কাজৰ বাবে নিযুক্তি দিয়া সত্যাপন বিষয়াৰ দলটোৱে এতিয়াৰে পৰা জিলা দুখনত আধাৰ কাৰ্ডৰ কাম কাজ সত্যাপন নিৰূপণ কৰিব। ইতিমধ্যে কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত চৰকাৰী কাৰ্যালয়ত আধাৰ কাৰ্ডৰ বাবে ৩৫টা তালিকাভুক্তকৰণ কেন্দ্ৰ আৰু চিৰাং জিলাত ৩৪টা তালিকাভুক্তকৰণ চিনাক্ত কৰা হৈছে। অনুষ্ঠানত চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য, কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত পিবি চেত্ৰী আৰু ভগত কোঁৱৰ উপস্থিত থাকে ।