
লালুকঃ আদি-মিচিং বানে কেবাং আৰু টি এম পি কে কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দলে নীপকোৰ পানীয়ে ব্যাপক ক্ষতি কৰা বানে বিধ্বস্ত লখিমপুৰ জিলাৰ ৰঙানদী পাৰৰ কেইবাখনো গাঁও পৰিদৰ্শন কৰে।
আদি-মিচিং বানে কেবাঙৰ সভাপতি ৰাজু মেদক, সম্পাদক প্ৰধান অকম য়চুং, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী তথা সক্ৰিয় সমাজ কৰ্মী ৰডিং পেৰ্টিন, টি এম পি কেৰ উপ সভাপতি দিলীপ পেগু, সাধাৰণ সম্পাদক পদ্মলোচন দলে, প্ৰচাৰ সম্পদাক সঞ্জীৱ দলে, শিক্ষা সম্পাদক ৰিদিপজেক দলে, কেন্দ্ৰীয় সদস্য বিপ্লৱ টাইড, আদি বানে কেবাং মহিলা গোটৰ সভানেত্ৰী য়ালেম তাগা বৰাং, এম এম কেৰ সদস্য নীম পেগু, মিচিং মহিলা সংগঠনৰ নেত্ৰী বিনিতা চা'ৰে বান বিধ্বস্ত লখিমপুৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়৷
পৰিদৰ্শনৰ কালত প্ৰতিনিধি দলটোৱে নীপকোই এৰা পানীৰ ফলত ভয়ংকৰ বানৰ কবলত পৰা জিলা খনৰ নামনি অংশত থকা হাজাৰ হাজাৰ লোকক অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিলে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ নীপকোৱে কাণ্ডজ্ঞানহীন ভাৱে জলাধাৰৰ পৰা পানী এৰি দিয়াৰ ফলতেই ৰাইজে এনে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হবলগা হৈছে বুলিও কয়।
৪০৫ মেগাৱাট শক্তি সম্পন্ন জলবিদ্যুৎ প্ৰকল্পটোৰ নামনি অংশত বসবাস কৰা ৰাইজৰ নিৰাপত্তাৰ কোনো ব্যৱস্থা নথকা বান্ধটোৰ কৰ্তৃপক্ষক নাকী লগাবলৈ অসম-অৰুণাচল ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধি দলটোৱে দাবী জনোৱাৰ লগতে নাকী লগোৱাত ব্যৰ্থ হলে ইয়াৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম গঢ়ি তোলা হ’ব বুলি কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক সকীয়াই দিয়ে।
তাৰোপৰি বহুজাতিক কোম্পানীৰ মালিকাধীন ডিজু চাহ বাগিচাখনৰ সুৰক্ষাৰ স্বাৰ্থত নদীখনৰ মূল অংশ ভেটি নিৰ্মাণ কৰা কফাৰ বান্ধটোৰ ফলত প্ৰায় ৩৬১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰঙানদীৰ বাঁওফালৰ মথাউৰিটোৰ ছিগাৰ লগতে প্ৰতি বছৰে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে।
ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত অবৈজ্ঞানিক ভাৱে নিৰ্মাণ কৰা কফাৰ বান্ধটো ভাঙি দিবলৈও আদি-মিচিং জাতীয় সংগঠন কেন্দ্ৰীয় সমিতিৰ উচ্চস্তৰীয় দলটোৱে লখিমপুৰ জিলা প্ৰশাসনক দাবী জনায়। আনহাতে মথাউৰিটো নিৰ্মাণৰ বাবে আবণ্টিত ধন চৰকাৰে সময়মতে মুকলি কৰি নিদিয়াৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰ সকলে নিম্ন মানেৰে নিৰ্মাণ কৰাৰ ফলত বগলীজান অংশত মথাউৰিটো ছিগিল বুলিও মিচিং ছাত্ৰ সংগঠন টি এম পি কেই গুৰুতৰ অভিযোগ তোলে।
আদি-মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধি দলটোৱ টি এম পি কে লখিমপুৰ জিলা সমিতিৰ সহযোগত কেইবাখনো বানপীড়িত গাঁও পৰিদৰ্শন কৰাৰ অন্ততঃ নীপকোৱে এৰি দিয়া প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা উজনি পশুমৰা আৰু ন ভগনীয়া গাঁৱৰ ২৫৭ টা পৰিয়ালৰ মাজত ৮ কেজিকৈ চাউল আৰু কাপোৰ আদি সাহায্য সামগ্ৰী বিতৰণ কৰে।
সংগঠনটোৰ কেন্দ্ৰীয় নেতাৰ লগতে টি এম পি কে লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰবীন দলে, সম্পাদক পুন্যেশ্বৰ পেগু, সহকাৰী সম্পাদক প্ৰশান্ত পেগু, চিলাপথাৰ জিলা সমিতিৰ সম্পাদক হেমচন্দ্ৰ দলে, এম এম কে লখিমপুৰ জিলা সমিতিৰ সভাপতি দিলীপ গোদাং, সম্পাদক নেপোলিয়ন দলে, এম এ চিৰ ৰঙানদী সমষ্টিৰ সাধাৰণ সদস্য দেৱৰঞ্জন মৰাং আদিৰ নেতৃত্বত অহা দলটো বগলীজান ছিগা অংশৰ লগতে কেইবাখনো ৰঙানদী বানে ক্ষতিগ্ৰস্ত কৰা গাঁও পৰিদৰ্শন কৰি নীপকোৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে।