
গোলকগঞ্জঃ পৃথক ৰাজ্যৰ দাবীত আক্ৰাছুয়ে আহ্বান জনোৱা ৩৬ ঘন্টীয়া অসম বন্ধ কাৰ্যসুচীৰ আজি বিয়লি পাঁচ বজাত সামৰণি পৰে।
বন্ধৰ সময়ছোৱাত হিংসাত্মক ঘটনাৰ পৰিমাণ কম যদিও আক্ৰাছুৰ নেতা-কৰ্মীয়ে যান-বাহন, ব্যৱসায় প্ৰতিষ্ঠান আদি বন্ধ কৰাৰ বাবে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হয়৷
নামনি অসমত এই বন্ধৰ প্ৰভাৱ পৰিছে যদিও গুৱাহাটী মহানগৰী তথা উজনি অসমত বন্ধৰ প্ৰভাৱ পৰা দেখা নাযায়৷
বন্ধৰ সময়ছোৱাত ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিভিন্ন অঞ্চলৰ ৰাজপথতো যান-বাহনৰ চলাচল বন্ধ থকাৰ লগতে গোলকগঞ্জ সদৰ, হৰিৰহাট, কাচখানা, পাগলাহাট, ৰতিয়াদহ, গাইখোৱা আদি অঞ্চলৰ লগতে বিভিন্ন বজাৰ-ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকে৷
কোকৰাঝাৰ, বাক্সা, বঙাইগাঁও, সৰভোগ, গোৰেশ্বৰ আদি ঠাইতো বন্ধৰ সৰ্বাত্মাক প্ৰভাৱ পৰা দেখা যায়৷ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু তথা কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোক সকলে যোৱা তিনিটা দশক ধৰি পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি আহিছে যদিও প্ৰতিটো দলৰ প্ৰতিখন চৰকাৰে বঞ্চনা কৰি আহিছে৷ কিছুদিন পুৰ্বে মা কমতাপুৰ যঞ্জ অনুষ্ঠিত কৰি প্ৰতিবাদ কৰিছিল সংগঠনটোৱে৷