newsnextone.com | ওদালগুৰিঃ সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতি মঙলবাৰে ভংগ কৰে কেন্দ্ৰীয় সমিতিয়ে। জিলা সমিতিত ব্যাপক বিসম্বাদে গা’ কৰি উঠাৰ ফলতে বিগত ১৭ জুনত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সৈতে ওদালগুৰি জিলা আক্ৰাছুৰ বিষয়-ববীয়াৰ এক বৈঠক অনুষ্ঠিত কৰি বৰ্তমানৰ ওদালগুৰি জিলা সমিতি ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, সংগঠনটোৰ ওদালগুৰি জিলাৰ দুই গোটৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল বিতৰ্ক। ফলত জিলাখনত সংগঠনটোৰ অস্তিত্ব সংকটত পৰা দেখা গৈছিল। বিতৰ্কৰ অৱসান ঘটাই সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতিখন ভংগ কৰি এখন তদৰ্থ সমিতি গঠন কৰি দিয়ে।

সমিতিক কেন্দ্ৰীয় সমিতিখনে আগন্তুক তিনি মাহৰ ভিতৰত ওদালগুৰি জিলাখনক পূৱ জিলা সমিতি আৰু পশ্চিম জিলা সমিতি নামেৰে দুখন শক্তিশালী সমিতি গঠন কৰাৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। সভাপতি হেমন্ত বড়া আৰু সাধাৰণ সম্পাদক নৱজিৎ কোচসহ ১২ গৰাকী সদস্যৰে তদৰ্থ সমিতিখন গঠন কৰা হয়। 

আনহাতে, তদৰ্থ সমিতিখনে সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি কয় যে সোমবাৰে কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ নাম লৈ একাংশ লোকে এনআৰচিৰ নামত ওদালগুৰিত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা কাৰ্যক তদৰ্থ সমিতিখনে গৰিহণা দিয়ে।

বিভিন্ন সময়ত বিভিন্ন নাম লৈ একাংশ প্ৰাক্তন আক্ৰাছু নেতাই ৰাইজক বিপথে পৰিচালিত কৰিছে। ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এইসকল লোকে জাতিটো ধ্বংসৰ বাবে আগন্তুক দিনত এনে কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়ে। উল্লেখ্য যে, সোমবাৰৰ ধৰ্ণা কাৰ্যসূচীত কেৱল এনআৰচিক লৈয়ে নহয় পৃথক কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন, শীঘ্ৰে জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। উপস্থিত আছিল কেইবাশতাধিক লোক৷