newsnextone.com | মোৰাঝাৰঃ মঙলবাৰে বহুবল্কী বিধায়ক শিলাদিত্যৰ হোজাই সমষ্টিত ৰাইজে ৰাজপথৰ গাঁতত জমা হোৱা পানীত মাছ মাৰি ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাইজে ৰাজপথত মাছ ধৰিবলৈ হেতা ওপৰা লগাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ হোজাই জিলাৰ নীলবাগানত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি পথটো মেৰামতি কৰাৰ দাবী জনায়৷

মঙলবাৰে ৰাইজে ৰাজপথলৈ ওলাই আহি ৰাজপথৰ গাঁতত মাছ ধৰি, ভূঁই ৰুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ হোজাই জিলা আমছুৱে হোজাই-নগাঁও সংযোগী পথ মেৰামতি কৰাৰ দাবীত নীলবাগানত পুখুৰী সদৃশ গাঁতত ভূঁই ৰুই, মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ হোজাইৰ বিধায়ক শিলাদিত্য দেৱ আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গ’বেক ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে৷ 

৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ নীলবাগানৰ পৰা হোজাইলৈ দীৰ্ঘদিন ধৰি পথটো মেৰামতি নকৰাৰ ফলত জহি-খহি যায়৷ গড়কাপ্তানী পথটো দীৰ্ঘদিনৰ পৰা ৰাইজে মেৰামতি কৰাৰ বাবে দাবী জনা আহিছে যদিও হোজাইৰ বিধায়ক চকু মুদি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ অৱশেষত মঙলবাৰে আমছু আৰু স্থানীয় ৰাইজে ৰাজপথৰ পুখুৰী সদৃশ গাঁতত মাছ ধৰি, ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে৷

ৰাইজে পথটোত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰে৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল আদিয়ে দুৰ্ঘটনাত পতিত হৈ আঘাত প্ৰাপ্ত হোৱাৰ লগতে মৃত্যু মুখত পৰিছে যদিও জিলা প্ৰশাসন ,স্থানীয় বিধায়ক শিলাদিত্য দেৱ আৰু গড়কাপ্তানী বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ পথটো মেৰামতিৰ বাবে বিভাগে ২৮ কোটি টকা আৱণ্টন দিছিল যদিও বিধায়কৰ আপোন ঠিকাদাৰে নিম্নমানৰ কাম কৰি বৃহৎ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷