
newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে ‘প্ৰেৰণাৰ দিন’ কাৰ্যসূচী পালন কৰে৷ উজনি-নামনিত প্ৰতিখন জিলাত আছু আৰু কৰ্মচাৰী পৰিষদৰ নেতৃত্বত NRCত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ সু-স্বাস্থ্য, উৎসাহ, নিৰাপত্তাৰ কামনা কৰি প্ৰেৰণাৰ দিন পালন কৰে৷ সমগ্ৰ অমসত হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰী এনআৰচিৰ কামৰ সৈতে জৰিত হৈ আছে৷ কৰ্মচাৰীসকলে যথেষ্ট কষ্ট সহকাৰে এনআৰচিৰ কাম আগুৱাই নিছে৷ বহু বাধা-বিঘিনি সত্বেও পিছ পৰি থকা এনআৰচিত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল৷
যাৰ ফলত কেইবা শ কৰ্মচাৰীক সন্মান যাচিবৰ বাবে আছু আৰু কৰ্মচাৰী পৰিষদে ৰাজ্যজুৰি এই কাৰ্যসূচী পালন কৰে৷ গুৱাহাটী মহানগৰীৰ গনেশগুৰিত গনেশ মন্দিৰৰ সন্মুখত থকা আছুৰ শ্বহীদ বেদীত আছুৱে প্ৰেৰণা দিন কাৰ্যসূচী পালন কৰে৷ আছু নেতা লুৰিণজ্যোতি গগৈ, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদে আদি উপস্থিত থাকি এনআৰচি সময়মতে প্ৰকাশ হোৱাৰ লগতে অসমত অবৈধ নাগৰিকক সংস্থাপন মানি লোৱা ন’হব বুলি কয়৷
অসমৰ বিষয়া-কৰ্মচাৰীসকলে যি মনোবল আৰু সাহসেৰে এনআৰচিৰ কাম কৰি আছে সেয়া চেল্যুট কৰিবলগীয়া বুলি কয়৷ লুৰিণজ্যোতি গগৈয়ে অসমত বিষয়া-কৰ্মচাৰীসকলৰ সু-স্বাস্থ্য কামনা কৰি এনআৰচিৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক নিৰাপত্তা দিয়াৰ দাবী জনায়৷ ৮৫৫ শ্বহীদৰ কেচা তেজৰ বিনিময়ত আমি এনআৰচি লাভ কৰিছো বুলি কয় লুৰিণে৷
সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানমৰ্মে তিনিচুকীয়া জিলাৰ কাকপথাৰত প্ৰেৰণাৰ দিন পালন কৰা হয়৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু কাকপথাৰ আঞ্চলিক কৰ্মচাৰী পৰিষদে কাকপথাৰবাসী ৰাইজ, কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ সহযোগত কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত শ্বহীদ বেদী প্ৰাংগণত সমবেত হৈ বন্তি প্ৰজ্বলন কৰি শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা লগতে শ্বহীদসকলৰ চূড়ান্ত ত্যাগৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি থকা বুলি কয়৷ উন্নীতকৰণৰ কামত জড়িত বিষয়া-কৰ্মচাৰীসকলৰ সুস্বাস্থ্য আৰু নিৰাপত্তা কামনা কৰি প্ৰাৰ্থনা জনাই দিনটো প্ৰেৰণাৰ দিন হিচাপে পালন কৰে৷