
ৰঙিয়াঃ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ক শীঘ্ৰে চৰকাৰীকৰণৰ কৰাৰ দাবী জনাই সদৌ অসম ছাত্ৰ সন্থাই৷ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়াৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই দাবী জনায়।
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক লিউটন কলিতা আৰু সভাপতি জিতু ডেকাই এক বিবৃতি যোকে ১৯৮৭ চনত ৰঙিয়াত স্থাপন হোৱা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় খন ১৯৯৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অনুমোদন লাভ কৰাৰ পিচত ২০০৪ চনত স্বীকৃতি লাভ কৰে।
মাহাবিদ্যালয় খন পাঠদান চলাই গৈছে যদিও গৰীৱ পৰিয়ালৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা লাভৰ পৰা বঞ্চিত হব লগা হৈছে। মাচুল বৃদ্ধিৰ বাবে মহাবিদ্যলয়খনৰ পৰা মেধাসম্পন্ন গৰীৱ পৰিয়ালৰ ছাত্ৰছাত্ৰীসকল বঞ্চিত হ’ব লগা হোৱা বিষয়টো এক চিন্তাৰ কাৰণ হৈ পৰিছে বুলি কয় আছুৱে।
সেয়েহে ৰঙিয়াৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চল এটাত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় এখন যিমান প্ৰয়োজন ঠিক তেনেদৰে মাহাবিদ্যালয়খন চৰকাৰীকৰণ হোৱাটো সিমানে প্ৰয়োজন বুলি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক নিউটন কলিতাই সংবাদ মাধ্যক অৱগত কৰে।
ৰাজ্য চৰকাৰে ছাত্ছাত্ৰীসকলৰ বিষয়ে চিন্তা কৰি অচিৰেই ৰঙিয়াৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খন চৰকাৰীকৰণৰ কৰাৰ দাবী জনায়৷