
চাবুৱাঃ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত দুৰ্নীতি ভ্ৰষ্টচাৰ অনীয়মৰ বিৰুদ্ধে অতীষ্ঠ হৈ পৰিছিল অসমৰ ৰাইজ৷ কংগ্ৰেছী মন্ত্ৰী, বিধায়ক, নেতাৰ অহংকাৰ-অতপালিত ৰাইজে পৰিবৰ্তনৰ সপোন দেখিছিল৷ ৰাজ্যৰ ৰাজনীতিত বিকল্প বিচাৰি হায়ৰাণ হৈ পৰিছিল সৰ্বপ্ৰকাৰৰ লোক৷ তাৰ মাজতে জাতীয়তাবাদী, জাতীয় নায়ক সৰ্বানন্দ সোণোৱালক বিকল্প হিচাপে গন্য কৰিছিল ৰাজ্যৰ লাখ লাখ লোকে৷
২০১৬ চনৰ বিধান সভা নিৰ্বাচনত অগপ, বিজেপি আৰু বিপিএফ মিত্ৰজোঁটক ৰাইজে আকোৱালি লৈছিল বিকল্প হিচাপে৷ হিল-দল ভাঙি আহি অসমীয়াই ভোট দিছিল মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক৷ জাতি, মাটি, ভেটিৰ শ্ল’গান দি নিৰ্বাচনৰ সময়ৰ প্ৰতিখন সভাত উদাত্ত ভাষণ দি জাতীৰ সুৰক্ষা, অস্তীত্ব ৰক্ষা, উন্নয়ণৰ কথা কৈছিল মিত্ৰজোঁটৰ নেতাসকলে৷ ৰাইজে অলেখ সপােন দেখিছিল৷ ৰাজ্যৰ বাট-পথ, স্বাস্থ্য, শিক্ষাৰ উন্নয়ণ হ’ব বুলি ভাবিছিল ৰাইজে৷
শিপিনি-দাৱনী, শ্ৰমিক, কৃষক, বনুৱাই উন্নয়ণ হ’ব বুলি সপোন দেখিছিল৷ কিন্তু তেনে নহ’ল৷ মাথো ১৬ মাহ পাছতে ৰাইজে দেখিলে এখন বিপৰীত ছবি৷ অবৈধ বাংলাদেশী খেদিম বুলি অসমীয়াৰ ভোট লৈ এতিয়া চৰকাৰ খনে অবৈধ নাগৰিকক অসমত সংস্থাপন কৰিব বিছাৰে৷ অসমীয়া যুৱকক অনা-অসমীয়াই গুৰুলা-গুৰুলকৈ পিটিলে৷ জাতীয় সংগঠন আছুৰ কাৰ্যালয়ত অনা-অসমীয়াই আক্ৰমণ কৰাৰ সাহস পালে৷ অসমৰ বায়ু-পানীৰ সৈতে সম্পৰ্ক নথকা লোকৰ নামত মহাবিদ্যালয় স্থাপন কৰি বিতৰ্কত সোমাই পৰে চৰকাৰ খনে৷
যাৰ বাবে অসমীয়া আজি ৰাজ পথলৈ ওলাই আহি জাতীয় নায়কৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ কংগ্ৰেছৰ বিকল্প হিচাপে ৰাইজে ভোট দি শাসনৰ গাদীত বহুওৱা মিত্ৰজোঁটৰ জনবিৰোধী কাম-কাজৰ বিৰুদ্ধে ৰাইজে প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ এতিয়া আমুৱাউছে সাধাৰণ জনতাৰ মন৷ ৰাজ্যৰ শাসনভাৰত অধিষ্ঠিত হৈ এটা বছৰ সম্পূৰ্ণ কৰাৰ পাছতো কিন্তু পৰিবৰ্তন কিম্বা উন্নয়ন নহল৷
ৰাজ্যৰ জৰাজীৰ্ণ বাট-পথ সমূহ মেৰামতি কৰাৰ লগতে গড়া-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাইজে৷ খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ জিলাত ৰাইজে প্ৰতিদিনে বিভিন্ন সমস্যাৰ বাবে প্ৰতিবাদ কৰিবলৈ ৰাজ পথলৈ ওলাই আহিব লগা হৈছে৷
আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই চাবুৱাৰ চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে বিজেপি চৰকাৰ হায় হায়, ৰাষ্ট্ৰীয় ঘাইপথ অতি সোনকালে মেৰামতি কৰক, মুখ্যমন্ত্ৰী হায় হায় আদি শ্ল’গানেৰে প্ৰায় ১ ঘন্টা ঘাইপথ অৱৰোধ কৰে।
ক্ষোভিত অৱৰোধকাৰীসকলে মুখ্যমন্ত্ৰীগৰাকীক গৃহ জিলাতে দিল্লীৰ পুতলা আখ্যা দি উন্নয়ণত গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায়৷ অৱৰোধস্থলীত ভালেকেইজন বিশিষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।