নাহৰকটীয়াঃ নাহৰকটীয়াত মঙলবাৰে পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷ পৰিবৰ্তনৰ শ্ল’গান দি শাসনৰ গাডীত বহা চৰকাৰ খনে পৰিবৰ্তন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷

আছুৰ নেতা-কৰ্মী চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিবেশ৷ অতি ব্যস্ত নাহৰকটীয়া-মৰাণ গড়কাপ্তানি পথ মেৰামতিৰ অভাৱত জহি-খহি যোৱাত যাতায়াতত বাৰুকৈয়ে বিপদত পৰিছে ৰাইজ৷

ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীসকলে পথৰ গাতৰ বাবে আহ-যাহ কৰিব নোৱাৰা হোৱাত বহু সময়ত দল-সংগঠনে পথটো মেৰামতি কৰাৰ দাবী জনায় আহিছে যদিও প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত অৱশেষত আছুই প্ৰতিবাত কৰিবলৈ বাধ্য হয়৷

নাহৰকটীয়া-মৰাণ সংযোগী মুল পথটো সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰাত বহু অসুবিধাৰ সৃষ্টি হোৱা দেখা যায়। আছুই পথটো শীঘ্ৰে মেৰামতিৰ দাবী জনাই৷ অন্যথাই আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিয়ে৷