24
Jul
2017

চৰাইদেউঃ চৰাইদেউ জিলাৰ প্ৰতিটো বাট-পথ জৰাজীৰ্ণ হৈ পৰাত আহ-যাহত ব্যাপক সমস্যাত পৰিছে জিলাখনৰ লোক সকল৷
বহিঃজগতৰ সৈতে যোগাযোগ কৰা প্ৰতিটো পথেই পূৰ্বৰ পকী বোৰ এৰি গৈ গাড়ী মটৰটো দুৰৰ কথা খোজকাঢ়িব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে৷
দল-সংগঠনে বাট-পথসমূহ মেৰামতিৰ দাবী উত্থাপন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি আজি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷
চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই এক সমদল উলিয়াই সোণাৰিস্থিত গড়কাপ্তানী পথ সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়টো ঘেৰাও কৰে।
সংগঠনটোৱে শীঘ্ৰে বাট-পথ মেৰামতি কৰাৰ দাবীত কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে৷ শীঘ্ৰে বাট-পথ মেৰামতি নকৰিলে পুৰনৰাই জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই।