তুলসীবাৰীঃ ৰাজ্যৰ ভিতৰতে অন্যতম ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ এপলমিল বছৰ বছ ধৰি বন্ধ হৈ আছে। যাৰ পৰিপ্ৰেক্ষিতত এবছৰ ধৰি প্ৰায় ছয়শ শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মহীন হৈ আৰ্থিক সংকটত দিন পাৰ কৰিছে৷ ইতিমধ্যে ছাত্ৰ সন্থাকে ধৰি কেবাটাও সংগঠনে এপলমিল কাৰ্যক্ষম কৰাৰ দাবীত প্ৰতিবাদ কৰি আহিছে৷

এপলমিল শ্ৰমিক সন্থাই শ্ৰমিক দিৱসৰ দিনটোৰে পৰা এলানি আন্দোলনৰ কাৰ্যসুচী ৰূপায়ন কৰি অহাৰ সময়তে ৰাজ্য চৰকাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আছু৷ মিলটো পূৰ্ণ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতিৰে ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰি চমক দিছিল বিজেপি চৰকাৰে৷ কিন্তু  ঘোষণা ফুটুকাৰ ফেনত পৰিণত হয়৷ ঘোষণাৰ মেৰপেচত আৱদ্ধ হৈ থকা এপলমিলৰ শ্ৰমিক দিশহাৰা হৈ পৰিছে৷

বিনা বেতনে শ্ৰমিক কৰ্মচাৰী সকলৰ হাহাকাৰৰ সৃষ্টি হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত এপল মিল শ্ৰমিক সন্থাৰ নেতৃত্বই আলোচনাত মিলিত হৈ উক্ত ধন ৰাশী মোকলাই দিয়াৰ লগতে তিনিটা ইউনিট কাৰ্যক্ষম কৰি তোলাৰ দাবীত পুনৰ এলানি আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাই৷ অহা ২৭ অক্টোবৰত মিল চৌহদত গণ অৱস্থান, ৬ নৱেম্বৰত ভাৰত-ভুটান পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী সাব্যস্ত কৰিব আছুই৷ এক বিবৃতি যোগে এি কথা মঙলবাৰে সদৰী কৰে আছুই৷