
অভয়াপুৰীঃ অমৰনাথ তীৰ্থযাত্ৰাত অংশগ্ৰহণ কৰা তীৰ্থযাত্ৰীক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা ঘটনাক মুখত ক'লা কাপোৰ বান্ধি ধিক্কাৰ দিয়ে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে৷
সন্ত্ৰাসবাদীৰ গুলীত নিহত তীৰ্থযাত্ৰীসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে সংগঠনটোৰ অভয়াপুৰী আঞ্চলিক সমিতিয়ে অমৰনাথ যাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে।
উল্লেখ্য যে, যোৱা ১০ জুলাইত জম্মু-কাশ্মীৰৰ অনন্ত নাগ জিলাৰ বাটেংগা আৰু খানাবাল এলেকাৰ মাজত সন্ধিয়া প্ৰায় ৮-৩০ বজাত সংঘটিত এই আক্ৰমণত ৭ জন তীৰ্থ যাত্ৰী নিহত হৈছিল।
নিহত তীৰ্থ যাত্ৰীৰ আত্মাৰ সদগতি কামনা কৰি আৰু আহত তীৰ্থ যাত্ৰীৰ আশু আৰোগ্য কামনা কৰি বৃহস্পতিবাৰে সন্ধিয়া অভয়াপুৰী চহৰৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰাৰ লগতে সন্ত্ৰাসবাদ নিপাত যাওক বুলি মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে৷ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰে গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ অভয়াপুৰী আঞ্চলিক সমিতিয়ে।