
অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ধনতোলা বজাৰৰ এগৰাকী বোৱাৰীয়ে দেহত জুই লগাই আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
জানিব পৰা মতে, ধুবুৰী জিলাৰ শালকোচাৰ মৰ্জিনা বিবিয়ে (২৫) তিনিবছৰ পূৰ্বে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল জিলাখনৰ ধনতোলা বজাৰৰ মজনুৰ আলীৰ সৈতে৷
বিবাহৰ কিছুদিন ঠিকে-থাকে চলিছিল যদিও যোৱা কিছুদিন ধৰি স্বামীয়ে মৰ্জিনাক মাৰ-ধৰ কৰাৰ অভিযোগ উত্থাপন কৰে মৰ্জিনাৰ পৰিয়ালে৷
তাৰ মাজতে আজি মৰ্জিনাই দেহত কেৰাচিন ঢালি গাত জুই লগাই ৰহস্যজনকভাৱে আত্মহত্যা কৰে। মৰ্জিনাই নিশা সংঘটিত কৰে এই এই ঘটনা।
মৰ্জিনাই আত্মহত্যা কৰাৰ খবৰ পোৱাৰ পিছতে ধুবুৰী জিলাৰ শালকোচাৰ পৰা পিতৃৰ পৰিয়ালৰ লোক উপস্থিত হৈ মৰ্জিনাৰ স্বামীৰ বিৰুদ্ধে মানসিক, শাৰীৰিক, নিৰ্যাতনৰ লগতে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি বইটামাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। স্বামী মজনুৰ আলী পলাতক বুলি জানিব পৰা গৈছে।