
গোৰেশ্বৰঃ অবড়ো সুৰক্ষা সমিতি, অসম ১৪ ছেপ্টেম্বৰত কোনো ধৰণৰ বন্ধ কাৰ্যসূচী গ্ৰহণ কৰা নাই। এই কথা স্পষ্ট কৰিছে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই। উল্লেখ্য যে ১৪ চেপ্তেম্বৰত অবড়ো সুৰক্ষা সমিতিয়ে অসম বন্ধ দিয়া বুলি যোৱা দুটা দিনত উৰা বাতৰি চলিছে।
বিটিএডিত অবড়ো জনসাধাৰণৰ অধিকাৰৰ বাবে সংগ্ৰাম চলাই থকা সংগঠনটোৱে কাইলৈ অসম বন্ধ দিয়া বুলি এটা দুষ্ট চক্ৰই অপপ্ৰচাৰ চলাইছে বুলি সংগঠনটোৰ সম্পাদক গৰাকীয়ে অভিযোগ তুলিছে।
অৱশ্যে প্ৰয়োজন হ'লে এনে কাৰ্যসূচী পিছলৈ গ্ৰহণ কৰা হ'ব কিন্তু দুৰ্গাপূজাৰ আগে-আগে ৰাইজক অসুবিধা দি এনে ধৰণৰ কোনো বন্ধৰ কাৰ্যসূচী সংগঠনটোৱে গ্ৰহণ কৰা নাই বুলি যোগেশ্বৰ কলিতাই স্পষ্ট কৰি দিয়ে৷