কোকৰাঝাৰঃ বড়োলেণ্ড এদিন গঠন হ’বই৷ বডোলেণ্ডৰ দাবীত পুণৰ সৰৱ হৈ এবছুৰ সভাপতি প্ৰমোদ বড়োৱে বড়ো জাতীক দিলে এই বিশ্বাস।

মঙলবাৰে কোকৰাঝাৰ জিলাৰ দোতমাত অবিভক্ত গোৱালপাৰা জিলা এবছুৰ সোণালী জয়ন্তী আৰু কোকৰাঝাৰ জিলা এবছুৰ ৪৯ তম অধিবেশনৰ মুকলি সভাত উপস্থিত থাকি এবছুৰ সভাপতি প্ৰমোদ বড়োই সংবিধানৰ গণ্ডীৰ ভিতৰত শীঘ্ৰেই পৃথক বডোলেণ্ড গঠন কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় চৰকাৰক।

নগা সমস্যা, কাশ্মীৰ সমস্যাতকৈ তুলনামুলক কম জটিল বডোলেণ্ড সমস্যাটো সমাধানৰ দাবী জনাই অনাগত সময়ছোৱাতো পৃথক বডোলেণ্ডৰ দাবীত আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰি পলমকৈ হলেও বডোলেণ্ড গঠন হ’বই বুলি আশা প্ৰকাশ কৰে প্ৰমোদ বড়োই।

তদুপৰি বড়োই এনআৰচি সন্দৰ্ভত মমতা বেনাৰ্জীৰ বক্তব্য উচটনিমূলক বুলি মন্তব্য কৰি অসমত এটা চক্ৰই এনআৰচি হোৱাটো নিবিচাৰে বুলি মত প্ৰকাশ কৰি সকলোকে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।

আনহাতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এবছুৱে বড়ো জাতিৰ বাবে কি কৰিলে তাৰ হিচাপ দিয়ক বুলি কৰা প্ৰত্যাহ্বান সন্দৰ্ভত প্ৰমোদ বড়োই হাগ্ৰামাক উভতি ধৰি কয় যে জাতীয় সংগঠন এটাৰ হিচাপ দিবলগীয়া একো নাথাকে বৰং ৰাইজৰ দ্বাৰা নিৰ্বাচিত কৰা চৰকাৰেহে ৰাইজক হিচাপ দিয়া উচিত বুলি মন্তব্য কৰে।

আনহাতে বিদৰ্ভ আন্দোলনৰ নেতা অনিল জাবেদে বড়োলেণ্ড গঠনক সমৰ্থন কৰি চৰকাৰে শীঘ্ৰেই পৃথক ৰাজ্য গঠন সন্দৰ্ভত এক সুস্থিৰ নীতি লব লাগে বুলি মত প্ৰকাশ কৰে। মঙলবাৰে কাৰ্যসূচীত এমচিএলএ জীৰণ বসুমতাৰী, যতিৰিন্দ্ৰ ব্ৰহ্ম, এনডিএফবি (প্ৰ)ৰ নেতা আৰ দাউখা, এবছুৰ সাধাৰন সম্পাদক লৰেন্স ইছলাৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউ পি পি এলৰ সভাপতি ইউ জি ব্ৰহ্মৰ লগতে এবছুৰ একাংশ নেতাকে ধৰি কেবাসহস্ৰাধিক সাধাৰণ ৰাইজ উপস্থিত থাকে।