
কুমাৰীকাটাঃ নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ লাইখুঁটা আজি স্থাপন কৰা হয় । লাইখুঁটা স্থাপন কৰে তামুলপুৰৰ বিধায়ক তথা প্ৰাক্তন এবছু নেতা ইমানুৱেল মোছাহাৰীয়ে ।
উল্লেখযোগ্য যে তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত অহা ৭ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব এই অধিবেশন । অধিবেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠানত এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰমোদ বড়োকে ধৰি কেন্দ্ৰীয় নেতৃবৃন্দ, বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো , এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী , সমাজকৰ্মী ৰামদাস বসুমতাৰী , মহিলা বি পি এফৰ কেন্দ্ৰীয় সভানেত্ৰী বিভাৰাণী নাৰ্জাৰী আদিকে ধৰি অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সদস্য সকলৰ উপৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে |
অভিজিৎ তালুকদাৰ,তামুলপুৰ