
কোকৰাঝাৰঃ সোমবাৰে সোণোৱাল চৰকাৰে অসম বিধান সভাত তৃতীয় খন বাজেট উত্থাপন কৰে৷ বাজেট দাখিল কৰাৰ পিছৰে পৰা ক্ৰমান্বয়ে বাজেট সন্দৰ্ভত পোৱা-নোপোৱাৰ হিচাপৰ কথা প্ৰতিক্ৰিয়া সৃষ্টি হবলৈ আৰম্ভ হৈছে৷
অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক, আশা কৰ্মী, বিদ্যালয়ৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী-সহায়িকা আজিয়ে বাজেটৰ বিৰুদ্ধে নাৰাজ হৈ পৰা সমানে সমানে নাৰাজ হৈ পৰিছে৷
তাৰ মাজতে বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠন সমূহ৷ বড়ো মাধ্যমক অসম চৰকাৰে বঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বড়ো জাতীয় সংগঠন এবছুৱে৷
অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিজ্ঞাপনত প্ৰাথমিক বিদ্যালয়ৰ ৫৩৯৫টা শিক্ষক পদৰ বিপৰীতে এটাও বড়ো মাধ্যমৰ পদৰ উল্লেখ নথকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে৷
বড়ো মাধ্যমক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে সংগনটোৱে৷ যাৰ ফলত সোমবাৰে বাজেট দাখিলৰ পিছতেই এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীৰ নেতৃত্বত শতাধিক এবছু সদস্যই কোকৰাঝাৰ সদৰ চহৰত প্ৰতিবাদী সাব্যস্ত কৰে৷
এবছুৱে কোকৰাঝাৰত প্ৰাথমিক শিক্ষা সঞ্চালক এচ কে ভূঞাৰ পুত্তলিকা দাহ কৰাৰ উপৰিও বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে।
বিজ্ঞাপন বাতিল কৰাৰ লগতে বড়ো মাধ্যমত শিক্ষক নিযুক্তিৰ বাবেও অনলাইন ব্যৱস্থা কৰা আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত প্ৰাৰ্থীকো অনলাইনৰ সুবিধা প্ৰদানৰ দাবী উত্থাপন কৰে এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে।