
চিচিবৰগাঁওঃ চিচিবৰগাওঁ কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আজি ABVPৰ সমৰ্থীত সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী বিশ্বজিৎ কলিতাক হৰুৱাই যুৱ ছাত্ৰ আৰু ছাত্ৰ মুক্তিৰ সমৰ্থীত প্ৰাৰ্থী নিত্য ভূঞাঁই বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয়।
ইফালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থীত সভানেত্ৰী পদৰ প্ৰাৰ্থী দিপাক্ষী ভূঞা, যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থীত সহকাৰী সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী জিতু কলিতা, ছাত্ৰ মুক্তিৰ ক্ৰীড়া সম্পাদিকা প্ৰভাৱিকা জিয়ামৰীয়া, সাংস্কৃতিক আৰু আলোচনী সম্পাদিকা নুৰিফাজ্যোতি গগৈয়ে জয় লাভ কৰিবলৈ সক্ষম হয়।
বিজয়ী প্ৰাৰ্থীসকলক যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়া, সাংগঠনিক সম্পাদক তপন শইকীয়া, চিচিবৰগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা, প্ৰৱিত্ৰ কলিতাই আদৰণি জনোৱাৰ লগতে মহাবিদ্যালয়খনৰ শৈক্ষিক দিশ আৰু আন্তগাঁঠনি উন্নয়নৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়।