Clipart
Clipart

ধিংঃ নগাঁও জিলাৰ জাজৰি বাছ আস্থানৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। জানিবপৰা মতে, জাজৰি বাছ আস্থানৰ সন্মুখত এক নম্বৰপ্লেট বিহীন চুইফট গাড়ীৰ বিপৰীত দিশৰপৰা অহা এখন চাইকেলৰে মুখামুখি সংঘৰ্ষ হোৱাত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত চাইকেল আৰোহী ধুন্টি হীৰা গুৰুতৰভাৱে আহত হয়।

পিছত স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত ধুন্টি হীৰাক হাতীচোং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আহত ধুন্টি হীৰাৰ ঘৰ জাজৰি হীৰাগাঁৱত। আনহাতে, দুৰ্ঘটনাটোৰ ফলত জাজৰি বাছ আস্থানত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে চুইফটখনৰ চালক নৃপেন শইকীয়াই নিয়ন্ত্ৰণহীনভাৱে গাড়ীচলোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তুলি ব্যক্তিজনক তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰে।