27
Jul
2017

শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাজমাইত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেভেলাৰৰ খুন্দাত শ্যামলাল আগৰৱালা নামৰ এগৰাকী ব্যৱসায়ীৰ আজি থিতাতে মৃত্যু হয়। ৩৭নং ৰাষ্ট্ৰীয় পথেৰে আহি থকা অৱস্থাত ব্যৱসায়ীজনক এখন যাত্ৰীবাহী ট্ৰেভেলাৰে খুন্দিয়াই গুৰুতৰভাবে আহত কৰে৷
একাংশ লোকে ততাতৈয়াকৈ চিকিৎসালয় অভিমুখে নিয়ে যদিও নিয়াৰ পথতে ব্যৱসায়ীজনৰ মৃত্যু হয়। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি ৰাজমাইত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰে উত্তেজিত ৰাইজে৷ ৰাজমাই বাগিচাৰ শ শ শ্ৰমিক ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷