ডিজিটেল ডেক্স, নগাঁওঃ শালনা আৰক্ষীয়ে অৱেশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সঞ্জয় চৰকাৰ নামৰ যুৱকজনক। সঞ্জয়ে যোৱা বুধবাৰে অষ্টমীৰ নিশা এগৰাকী যুৱতীৰ গালৈ এছিড নিক্ষেপ কৰিছিল৷ ধৃত সঞ্জয় চৰকাৰে ঘটনাটো সংঘটিত কৰি পলাতক হৈ আছিল। হোজাইৰ যোগীজানৰ বজ্ৰপুৰৰপৰা আৰক্ষীয়ে আজি আটক কৰে যুৱকজনক। প্ৰেম প্ৰত্যাখানৰ বাবেই এই নৃশংস ঘটনা সংঘটিত কৰিছিল সঞ্জয়ে৷ যুৱতীগৰাকীৰ লগতে তেওঁৰ মাতৃ আৰু ভাতৃও এই আক্ৰমণত আহত হৈছিল৷