
কাকপথাৰঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ডিৰাক কপাহতলীত উপস্থিত হৈ ডিৰাক কাকপথাৰ আদৰ্শ মহাবিদ্যালয়ৰ আধাৰ শিলা স্থাপন কৰে৷ প্ৰায় দহ বিঘা মাটিত আঠ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা মহাবিদ্যালয়ৰ কাম দুই এদিনৰ ভিতৰতে পুৰ্নদ্যোমে আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে৷
আজিৰ এই আধাৰ শিলা অনুষ্ঠানত ১৪নং লক্ষীমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, সুৰেন ফুকন, ভাস্কৰ শৰ্মা, সঞ্জয় কিচানৰ লগতে বিজেপি নেতা আৰু কেইবাজনো প্ৰশাসনিক বিষয়া উপস্থিত থাকে৷
ইতিমধ্যে নতুনকৈ দহখন কলেজৰ চাৰিখন বিটিএডিত আৰু বাকী ছয়খন অন্যান্য জিলাত স্থাপনৰ কথাও ঘোষণা কৰে শিক্ষামন্ত্ৰীয়ে৷ ইফালে আৰ পি শৰ্মা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কৌশলেৰে মন্তব্য কৰে৷
আজি মন্ত্ৰীগৰাকীয়ে শদিয়াৰ এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি শদিয়া মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰাৰ লগতে চাপাখোৱা হস্পিতালৰ আধাৰশিলা স্থাপন কৰে৷ ইফালে টঙনাটো মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি এখন হস্পিতালৰ আধাৰশিলা স্থাপন কৰে৷