ডিব্ৰুগড়ঃ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে কৃষক নেতা অখিল গগৈক। বুধবাৰে গোলাঘাটৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক নেতাগৰাকীক।

ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাত ৰুজু হোৱা এটি গোচৰৰ ভিত্তিত অখিলক গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপত থকা নিজা বাসগৃহৰ পৰা দুপৰীয়াৰ ভাগত গ্ৰেপ্তাৰ কৰা হয় কৃষক নেতাগৰাকীক। সেই সময়ত টেলিভিছনত বাতৰি চাই আছিল অখিলে।

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, ঘৰত গেঞ্জী আৰু লুঙী পিন্ধি থকা অৱস্থাতে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি জোৰ-জুলমুকৈ গাড়ীত উঠাই ডিব্ৰুগড়লৈ ৰাওনা হয় আৰক্ষী। 

উল্লেখ্য যে মঙলবাৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত অনুষ্ঠিত এখন সমাৱেশত অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজন হ’লে হাতত হেংদাং আৰু মাৰণাস্ত্ৰ তুলি ল’বলৈ সকলোকে সাজু থাকিবলৈ আহ্বান জনাইছিল অখিলে। এই মন্তব্যৰ পিছতে মৰাণ আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/ ১২১/১২৪ (এ)/১০৯/১৫৩ /১৫৩ (এ)/৩৪ ধাৰাৰ  অধীনত ৰুজু হোৱা ১৮৮/১৭  নম্বৰৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰে।

এই সন্দৰ্ভত সন্ধিয়াৰ ভাগত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাক প্ৰশ্ন কৰাত তেওঁ মঙলবাৰৰ সভাত আগবঢ়োৱা মন্তব্যৰ ভিত্তিতে অখিলক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰী কৰে। এনে মন্তব্যক সম্পূৰ্ণৰূপে ৰাষ্ট্ৰ বিৰোধী আখ্যা দি ইয়াৰ সৈতে আন কোনো লোক জড়িত থকাৰ প্ৰমাণ পালে সেইসকলকো তদন্ত প্ৰক্ৰিয়া আগুৱাই নিবৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে। 

ইফালে অখিলক গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যৰ ভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠনটোৱে জনসাধাৰণে গণতান্ত্ৰিক দেশত কথা কোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গণতন্ত্ৰক ৰক্ষা কৰিবলৈ সকলোকে একত্ৰিত হ’বলৈকো আহ্বান জনাই সংগঠনটোৱে৷