কোকৰাঝাৰঃ পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত আৰু বড়ো সমস্যা সমাধানত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেখুওৱা হেমাহীৰ প্ৰতিবাদত পুনৰাই এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে এবছুসহ চাৰিটাকৈ যৌথ সংগঠনে৷ আজি কোকৰাঝাৰস্থিত বাগানশালীত থকা বডোফা হাউছত এবছু,এনডিএফবি(প্ৰ),এনডিএফবি (আৰ) আৰু পিজেএচিবিএম'ৰ এক যৌথ বৈঠক অনুষ্ঠিত হয় ৷  উক্ত বৈঠকৰ পিছতে এক সংবাদমেল অনুষ্ঠিত কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই কয় যে সূদীৰ্ঘ পঞ্চাছ বছৰ ধৰি সুকীয়া বড়ো ৰাজ্যৰ দাবীত আন্দোলন কৰি আহিছে যদিও আজিলৈ কোনো চৰকাৰে গুৰুত্ব দিয়া নাই।

এবছুৰ সভাপত প্ৰমোদ বড়োই বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিও প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপনেৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ইতিপূৰ্বে নতুন দিল্লীৰ নৰ্থ ব্লকত অনুষ্ঠিত হোৱা আলোচনাই তিনিমাহ অতিক্ৰম কৰিলে যদিও সমস্যা সমাধানৰ স্বাৰ্থত পুনৰবাৰ আলোচনা অনুষ্ঠিত নোহোৱাটো প্ৰকৃততে চৰকাৰৰ হেমাহি আৰু এয়া চৰকাৰৰ প্ৰতাৰণাৰ বাহিৰে আন একোৱেই নহয় বুলি মন্তব্যৰে প্ৰমোদ বড়োই বড়ো সমস্যাৰ স্থায়ী সমাধানৰ দাবীত যৌথ সভাৰ আন্দোলনৰ সিদ্ধান্তৰ কথা সদৰী কৰিছে।

সেইমৰ্মে অহা ২৮ আগষ্টত মহিলাৰ দ্বাৰা ১০ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ১২ চেপ্তেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধ, ১ অক্টোবৰৰ পৰা আমৰণ অনশন, অক্টোবৰ মাহত ২৪ঘণ্টীয়া ৰেলপথ অৱৰোধ আৰু নৱেম্বৰ মাহৰ পৰা অনিদিষ্টকালীন অৰ্থনৈতিক অৱৰোধ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে।

আন্দোলন কাৰ্যসূচীৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ বাবে চৰকাৰেই সম্পূৰ্ণৰূপে দায়ী হব বুলি মন্তব্যৰে বৰ্তমান অসম বসৱাসৰ বাবে সুৰক্ষিত হৈ থকা নাই বুলি মন্তব্য কৰিছে এবছুৰ সভাপতি প্ৰমোদ বড়োই। তেওঁ শান্তি আলোচনাৰ স্বাৰ্থত এনডিএফবিৰ নেতা কৰ্মী সকলকো জেলৰ পৰা মুকলি কৰি দিবলৈ আহ্বান জনাইছে।

আজিৰ সংবাদমেলত এনডিএফবি(প্ৰ) সাধাৰণ সম্পাদক গোৱিন্দ বসুমতাৰীয়েও পৃথক বড়োলেণ্ডৰ নামত চৰকাৰৰ আন্তৰিকতাহীনতাক কঠোৰ ভাষাৰে সমালোচনা কৰে আৰু বড়োসকলে নাৰ্যপ্ৰাপ্তিৰ বাবে আন্দোলন চলাই যাব বুলি ঘোষণা কৰে। আজিৰ সংবাদমেলত এনডিএফবি সভাপতি ৰঞ্জন দৈমাৰী , পিজেএচিবিএমৰ মুখ্য আহ্বায়ক ৰাকেশ বড়োও উপস্থিত আছিল।