
মোৰাঝাৰঃ অগপ আৰু আজমল দলৰ ভেটি উচন কৰি শতাধিক লোকক লগত লৈ অগপ নেতা বদৰুল ইছলামে মোৰাঝাৰৰ অকচেক পথাৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত আজি এক জনসভাত যোগদান কৰে।
প্ৰাক্তন অগপ নেতা বদৰুল ইছলামে কংগ্ৰেছত যোগদান কৰাৰ পাছত নিজৰ ভাষম প্ৰসংগত কয়, ‘‘এ আই ইউ ডি এফ আৰু বিজেপি সাম্প্ৰদায়িক দল, ধৰ্মক লৈ ৰাজনীতি কৰে। অসম গণ পৰিষদ দল আৰএছএছ আৰু বিজেপিৰ বুকুত উঠি নিঃশেষ হ’ব ধৰিছে৷ এনে দলত কোনো নীতি নাই’’৷
ইছলামে নিজৰ ভাষণত কংগ্ৰেছৰ বিকল্প নাই বুলি কৈ নিজৰ মান-মৰ্যাদা ৰক্ষা কৰিবলৈ সকলোকে কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়। স্থানীয় মুৰব্বীৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে যুৱ নেতা এছ জামানে।
সভাত বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনে নতুকৈ যোগদান কৰা নেতা-কৰ্মীসকলক ফুলাম গামোচাৰে আদৰণি জনায়৷ তেওঁ ভাষণ প্ৰসংগত শাসকীয় দলক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ দলৰ হৈ কাম কৰিবলৈ সকলোকে আহ্বান জনায়।
সভাত কংগ্ৰেছ নেতা ক্ৰমে অলিউৰ ৰহমান, ইমৰাণ হুচেইন, আব্দুল হান্নান, বিলাল উদ্দিন, জয়নাল আবদিন, হোজাই জিলা এন এছ ইউ আইৰ সভাপতি মেহবুব আহমেদকে ধৰি বহু কেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকি একপ্ৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজায়৷