
বৰপেটাঃ অসম আন্দোলন কোনো মিঞা, মুছলমান, হিন্দুক খেদা আন্দোলন নাছিল। এই আন্দোলন আছিল বিদেশী, বহিৰাগতক খেদা আন্দোলন। অসম আন্দোলনক লৈ ৰাজ্যৰ বিভিন্ন দল, সংগঠনে অযথা, মিছা এটি অপপ্ৰচাৰ চলাইছিল। ধৰ্ম আৰু ভাষাৰ নামত বিভাজনকাৰীয়ে ভোট লাভৰ স্বাৰ্থত তেনে ষড়যন্ত্ৰ ৰচনা কৰিছিল। বৰপেটাৰ পালহাজী বজাৰত শুকুৰবাৰে বিয়লি ২ বজাত অনুষ্ঠিত অসম গণ পৰিষদ দলৰ এখন বিশাল সমাবেশত এই বক্তব্য আগবঢ়ায় ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে।
বৰপেটা বিধান সভা সমষ্টি সমিতি আৰু ৪নং ভেল্লা জিলা পৰিষদৰ উদ্যোগত আৰু বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি অনুষ্ঠিত সভাত অগপ নেতাগৰাকীয়ে অসমৰ প্ৰকৃত সমস্যা, বিদেশী, বানপানী, গৰাখহনীয়া, নিৱনুৱাক আওকাণ কৰি ৰাইজক সমস্যাসমূহৰ কথা পাহৰাই ৰাখিবলৈ জাতি, ধৰ্মৰ নামত হিংসা বিয়পাই দিয়াৰ চেষ্টা কৰিছে দিল্লীৱালাই বুলি কয়। অসমৰ আচল শত্ৰু দিল্লীস্থিত নেতাসকল বুলি অভিহিত কৰে।
অসমৰ সমস্যা যদি তেওলোকে সমাধান কৰিব নোৱাৰে তেন্তে অসমৰ খনিজ, জলজ, বনজ তথা চাহ উদ্যোগবোৰৰ ওপৰতো তেওলোকৰ কোনো অধিকাৰ নাই। অসমৰ সম্পদ যদি দিল্লীৰ সম্পদ হয় তেন্তে অসমৰ সমস্যাও দিল্লীৰ সমস্যা হ’ব লাগিব বুলি তেওঁ ভাষণত উল্লেখ কৰি অসমৰ সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ থাকিলে ৩ মাহত সকলো সমস্যা সমাধান হ’ব বুলি কয়। ইপিনে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে অসমত থকা প্ৰতিজন লোক এন আৰ চিত সন্নিৱিষ্ট হোৱাৰ কথা কৈ সেইসকল লোকক অসম গণ পৰিষদ দলে সম্পুৰ্ণ নিৰাপত্তা দিয়াৰ দ্বায়িত্ব লব বুলি কয়৷
আলফাক যদি বেণ্ড কৰিব পাৰে আৰ এছ এছক কিয় নোৱাৰে? বুলি প্ৰশ্ন কৰে দাসে। আকৌ প্ৰতিজন ভাৰতীয়ৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱালৈকে অসম গণ পৰিষদ দলে ক্ষান্ত নাথাকে বুলি কৈ এখন মানুহৰ সুন্দৰ সমাজ গঢ়াৰ প্ৰয়োজন হৈছে যত সকলো শ্ৰেণীৰ মানুহে সময়মতে দুবেলা দুমুঠি ভাত শান্তিৰে খাব পাৰে বুলি কয়। সভাত অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অংশগ্ৰহণ কৰি অসম চুক্তি কোনো ভাৰতীয়ক হাৰাশাস্তি কৰাৰ বাবে নহয়, বিদেশী লোকক বিতাড়ন কৰাৰহে চুক্তি।
ইয়াক লৈ কোনো ভাৰতীয় লোক শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি কয়। কংগ্ৰেছে অসম চুক্তিক ধৰ্মীয় সংখ্যালঘূ লোকৰ মাজত অন্য ধৰণে প্ৰচাৰ কৰি বিভ্ৰান্তিত পেলাই ক্ষমতা দখল কৰিছে। ইপিনে কংগ্ৰেছৰ দিনতে অধিক হাৰত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা বুলি উল্লেখ কৰি অগপই অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠীৰ মাজত শান্তি, ভাতৃত্ববোধ স্থাপন হোৱা বিচাৰে।
সকলোকে শিক্ষা, স্বাস্থ্য, সাংস্কৃতিক, ৰাজনৈতিক দিশত প্ৰভাৱশালী হোৱা বিচাৰে। সভাত অগপ নেতা ভূপেন ৰায়ে জাতি ধৰ্মৰ নামত বিভাজনকাৰী ষড়যন্ত্ৰৰ বলি কাকো নহবলৈ আহ্বান জনায়। সভাত ফণীভূষণ চৌধুৰীও উপস্থিত থাকি অগপৰ দিনত সংখ্যালঘুসকল কোনো হাৰাশাস্তিৰ সন্মুখীন হোৱা নাছিল বুলি কৈ অসমৰ সংখ্যালঘুক নিৰাপত্তা, ন্যাৰ্য দিব পৰা অসমত একমাত্ৰ দলটোৱে হৈছে অগপ দল। যিটো দলে ধৰ্ম আৰু ভাষাৰ নামত বিভাজনৰ বিৰোধিতা কৰি আহিছে। ধনজিৎ পাঠকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত জিলা আৰু আঞ্চলিক পৰ্যায়ৰ কৰ্মকৰ্তাসকল উপস্থিত থকাৰ লগতে প্ৰায় ৪ সহস্ৰাধিক লোক উপস্থিত থাকে । আজিৰ এই সভাতেই কংগ্ৰেছ, এ আই ইউ ডি এফৰ পৰা বহুকেইগৰাকী ব্যক্তি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিত অগপত যোগদান কৰে।