
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক কেন্দ্ৰ কৰি সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাৰপৰা পদত্যাগ কৰিছিল অ গ পৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে৷
কেন্দ্ৰীয় চৰকাৰে লোকসভাত বিতৰ্কিত বিধেয়কখন উত্থাপন কৰাৰ লগে লগে প্ৰতিশ্ৰুতি অনুসৰি আঞ্চলিকতাবাদী দলটোৱে ৰাষ্ট্ৰীয়তাবাদী বি জে পিক সংগ ত্যাগ কৰিছিল৷
ইয়াৰ পাছতে অ গ পই নাগৰিকত্ব সংশোধনী বিধেয়ক-বিৰোধী আন্দোলনৰ নেতৃত্বৰ সৈতে যুটীয়াভাৱে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিছিল৷
বুধবাৰে ৰাজ্যসভাৰ অধিৱেশনৰ অন্তিম দিনটোত বিৰ্তকিত বিধেয়কখন চৰকাৰে উত্থাপন নকৰিলে৷ যিহেতু মোডী চৰকাৰৰ কাৰ্যকালত এইখনেই অন্তিম অধিৱেশন আৰু তিনি মাহৰ ভিতৰত লোকসভা নিৰ্বাচন আসন্ন, গতিকে বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছতো ই ‘লেপছ’ হৈ যাৱ৷
এনে প্ৰেক্ষাপটত এতিয়া প্ৰশ্ন উঠিছে অ গ পই মন্ত্ৰীসভালৈ পুনৰ ঘূৰি যাবনে? এই ক্ষেত্ৰত দলীয় পৰ্যায়ত আলোচনা হ’ব বুলি ইংগিত পোৱা গৈছে৷
মন কৰিবলগীয়া যে অ গ পৰ তিনি মন্ত্ৰীয়ে যোৱা ৯ জানুৱাৰীত পদত্যাগ-পত্ৰ মুখ্যমন্ত্ৰী সোণোৱাললৈ প্ৰেৰণ কৰিছিল যদিও এই পদত্যাগ-পত্ৰ এতিয়ালৈকে গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰী সোণোৱালে৷ ইয়াৰ অৰ্থ এয়ে যে যোৱা এমাহৰো অধিককাল মন্ত্ৰীসভাৰ কোনো কাম-কাজ মন্ত্ৰী তিনিজনে নকৰিলেও নিয়ম মতেই তেওঁলোকে দা-দৰমহাকে ধৰি সকলো চৰকাৰী সুবিধা পাই আছে৷
আঞ্চলিকতাবাদী ৰাজনৈতিক দল অ গ পই অতিকেন্দ্ৰিক ৰাষ্ট্ৰীয়তাবাদী বি জে পিৰ সৈতে মিত্ৰতা কৰা সন্দৰ্ভত ৰাজ্যৰ আঞ্চলিকতাবাদত আস্থা ৰখা বহু লোকেই সহজভাৱে মানি ল’ব পৰা নাছিল৷ ইফালে, বি জে পিৰ বৰ্তমানৰ নীতিয়ে হ’ল সৰু সৰু আঞ্চলিক দলসমূহক এন ডি এৰ অন্তৰ্ভুক্ত কৰি এই দলবোৰৰ মূল নীতি 'আঞ্চলিকতাবাদ’কেই থৰক-বৰক কৰি দিয়ে৷
গতিকে এনে এক সময়ত অ গ পই পুনৰ বি জে পিৰ সৈতে চামিল হৈ গেৰুৱা দলটোৰ ‘বি-টিম’ হিচাপে থাকিব নে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হৃত গৌৰৱ উদ্ধাৰ হোৱা দলটোৱে স্বাধীনভাৱে থাকি আঞ্চলিকতাবাদক শক্তিশালী কৰি অসমৰ হৈ মাত মাতিব? নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমবাসীৰ জয়ৰ আনন্দ-উছাহৰ মাজতে অসম গণ পৰিষদৰ নেতৃত্বৰ বাবে এতিয়া আহি পৰিছে বৃহৎ প্ৰত্যাহবান।