
newsnextone.com | গৰৈমাৰিঃ কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাৰে বাৰে কৈ আহিছে যদিও এই কথাক ভ্ৰুক্ষেপ নকৰে একাংশ বিষয়া-কৰ্মচাৰীয়ে৷ চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীগৰাকী আৰু মন্ত্ৰী-বিধায়কে নিতৌ বৰ বৰ কথা কৈ শিৰোনাম দখল কৰি আহিছে৷ চমক সৃষ্টিৰ বাবে বৰ বৰ কথা কয় যদিও তেনে কথা প্ৰকৃততে পূৰণ কৰিব পাৰেনে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কে৷ দেখা যায় যে চৰকাৰ খনে তেনে প্ৰতিশ্ৰুতি পালনত বিফল হৈছে বুলি অভিযোগ উত্থাপন হয়৷ বিশেষকৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কে কৰ্ম সংস্কৃতিৰ কথা কয় যদিও চৰকাৰী কাৰ্যালয়ত কৰ্ম-সংস্কৃতি আজিও দেখা পোৱা নাযায়৷
ৰাজ্যৰ বহু কাৰ্যালয়ত কৰ্ম-সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিলে চকু কপালত উঠে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কৰ্ম সংস্কৃতিৰ নমুনা দেখা যায় কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰিত৷ গৰৈমাৰিত বহু কাৰ্যালয়লৈ আহিলে কৰ্ম সংস্কৃতিৰ নমুনা নিজেই প্ৰত্যক্ষ কৰিব পৰা যায়৷ গৰৈমাৰিত বহু কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীয়ে বহু পলমকৈ কাৰ্যালয়লৈ আহি সময়ৰ পূৰ্বে কাৰ্যালয় এৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ তাৰ মাজতে পোহৰলৈ আহিছে এটি চৰকাৰী কাৰ্যালয় যোৱা ২৪ মাহ ধৰি বন্ধৰ হৈ থকা দৰে কাণ্ড৷ এদিন দুদিন নহয় ২৪মাহে বন্ধ হৈ আছে এটি কৃষি বিভাগৰ কাৰ্যালয়৷ বিষয়া, সম্প্ৰসাৰণ কৰ্মীয়ে ঘৰতে বহি দৰমহা ভোগ কৰি আহিছে বুলি জানিব পৰা গৈছে৷ অসম চৰকাৰৰ কৃষি বিভাগৰ গৰৈমাৰি কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় যোৱা প্ৰায় ২৪ মাহ ধৰি তলা ওলমি আছে৷
গৰৈমাৰি অঞ্চলটো কৃষি প্ৰধান অঞ্চল হোৱাৰ পিছতো কৃষি বিভাগৰ লোকে কৃষকৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰাটো লজ্জাৰ বিষয় হৈ পৰিছে৷ কোৱা বাহুল্য বৰ বৰ কথাৰে ভাষণ দি চমক সৃষ্টি কৰা কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে সংখ্যালঘূ অধ্যুষিত সমষ্টিটোত কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ পৰিৱৰ্তে কৰ্ম সংস্কৃতি ধ্বংস কৰাৰহে অভিযোগ উত্থাপন হৈছে৷ কংগ্ৰেছ চৰকাৰ থকাৰ কালত বিসম্বাদ কৰি আৰু বাৰে-বাংকৰা কথাৰে চমক সৃষ্টি কৰিলেও সমষ্টিটোৰ উন্নয়নৰ দিশ শূন্য বুলি কয় ৰাইজে৷ আজিও ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, কৃষি, শিক্ষা, স্বাস্থ্য খণ্ডৰ মুঠেই উন্নয়ন কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ লগে লগে চৰকাৰী কাৰ্যালয়ত কৰ্ম সংস্কৃতিৰ এক ফোপোলা স্বৰূপ দেখা যায় বুলি কৈ আহিছ ৰাইজে৷
আনহাতে, বিজেপিয়ে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোৱা কথাবোৰ এতিয়া মন্ত্ৰী-বিধায়কে নিজেই পাহৰি গৈছে, বিষয়া-কৰ্মচাৰীয়ে পাহৰি যোৱাটো ডাঙৰ কথা নহয়৷ ব্যস্ততাৰ বাবে ৰাজনৈতিক দলবোৰৰ লোকে পাহৰি পেলাইছে সকলো। পাহৰি পেলাইছে কৰ্ম সংস্কৃতিৰ কথাও৷ কৰ্ম সংস্কৃতি ঘুৰাই অনাৰ দোহাই দি ৰাজ্যৰ শাসন ভাৰ দখল কৰা চৰকাৰখনে পাহৰিলেও ৰাইজে পিছে পাহৰা নাই কথা বোৰ৷
অগপ দলৰ সভাপতি অতুল বৰাৰ কৃষি বিভাগৰ গৰৈমাৰিৰ কাৰ্যালয়টোত চৌদ্শে এতিয়া শৌচ-প্ৰস্ৰাৱ কৰে ৰাইজে৷ দিনে নিশা মদ আৰু জুৱাৰ আড্ডা চলে৷
শুকুৰবাৰে কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সাংবাদিক উপস্থিত হোৱাত বাৰান্দাত জুৱা খেলি থকা কেইবাজনো জুৱাৰীয়ে ছত্ৰভংগ দিয়ে৷ প্ৰতি দিনে কাৰ্যালয়ত চলে জুৱা৷ কৃষি বিভাগৰ কামৰূপৰ গৰৈমাৰীস্থিত কাৰ্যালয়ত যোৱা দুই বছৰ ধৰি তলাও ওলমি আছে৷