
মৰাণঃ এঠাইত যদি আমাৰ পূৰ্বপুৰুষৰ স্মৃতি পানীত ডুব গৈ থাকে আন এঠাইত আকৌ খহি পৰে দেৱাল। যেন চকুৰ সন্মুখতে ধ্বংসৰ দিশে আমাৰ পুৰ্বপুৰুষৰ স্মৃতি৷ অসমীয়া জাতিৰ বাবে ইয়াতকৈ বিড়ম্বনা কি হব পাৰে? ৰাজ্যৰ ঐতিহাসিক সমলেৰে পুষ্ট চহৰ বুলি কলে শিৱসাগৰ-ডিব্ৰুগড় আদি জিলাৰ নামেই মনলৈ আহে৷ ডিব্ৰুগড়-শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷
আহোম ৰজাৰ দিনৰ বৰ বৰ পুখুৰী, পেটুধুৱা পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাসমূহত আজিও ভৰপূৰ। শিৱদৌল, বিষ্ণু দৌল, দেৱী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। এই ঐতিহাসিক সমলবোৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে সংৰক্ষণত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে ডিব্ৰুগড় জিলাৰ আঘোনীবাই পখুৰী, গড়খাৱৈ মৈদাম অস্তিত্বৰ সংকটত পৰিছে৷
ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত লেঙেৰী এক বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল৷ আহোম ৰাজত্ব কালত লেঙেৰীৰ শলগুৰিত বৃহৎ ৰজাদিনীয়া পুখুৰী, গৰুহৰাত তিনিটাকৈ মৈদাম, ঐতিহাসিক আঘোনীবাই নগৰৰ পথ আদি কীৰ্তিচিহ্নসমূহ অস্তিত্বৰ সংকটত পৰিছে। আঘোণীবাৰী শলগুৰি ঐতিহাসিক গড়কাপ্তানী পথৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ টকৌৱনী গাঁৱত বামুনপুখুৰী, লেঙেৰী তিনিআলিৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগৰ যুৰীয়াপুখুৰী আৰু লেঙেৰী চাংমাই গাঁৱত পেটুধুৱা পুখুৰী আছে।
আহোম সকলৰ স্মৃতি বহন কৰা এই পুখুৰী কেইটা সংৰক্ষণৰ অভাৱত বৰ্তমান খেতি পথাৰলৈ ৰূপান্তৰিত হৈছে। তাই আহোম ছাত্ৰ সন্থা, আহোম সভা, আহোম জাতীয় গণমঞ্চ, পৌৰাণিক কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি সমূহেও ৰজাদিনীয়া পখুৰী কেইটাৰ লগতে লেঙেৰীত সিঁচৰিত ঐতিহাসিক সম্পদ সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে এষাৰ মাত দিয়াৰ আহৰি নাই৷
আনহাতে আজি পৰ্যন্ত সম্পদসমূহক লৈ গুৰুত্ব আৰোপ নকৰিলে চৰকাৰে৷ বামুনবাৰীৰ স্মৃতি বামুনবাৰী পুখুৰীটোৰ পাৰত গঢ় লৈ উঠিছে অবৈধ বাসগৃহৰ লগতে দোকান-পোহাৰ। আনহাতে নামদাং চাৰিআলিস্থিত নাহৰ ৰজাই খন্দোৱা নাহৰ পখুৰী আৰু আঘোনীবাৰীস্থিত আঘোনীবাই পখুৰীও বিলুপ্তপ্ৰায় অৱস্থাত। পেলনীয়া জাৱৰ-জোথৰৰ বাবে ঐতিহাসিক পখুৰীকেইটাই মৃত্যুৰ ক্ষণ গনিছে।
অঞ্চলটোৰ বিভিন্ন সভাই-সমিতিয়ে গামোচা পিন্ধি আহোম বুৰঞ্জী সম্পৰ্কে ডিঙিৰ শিৰ ফুলাই ভাষণ প্ৰদান কৰা ব্যক্তিসকলক এই ক্ষেত্ৰত বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা হোৱা নাই। সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে। জিলাখনত সিঁচৰিত হৈ থকা পুৰণি কীৰ্তিচিহ্নসমূহ সম্প্ৰতি সংৰক্ষণৰ অভাৱত ক্ৰমে ধংসৰ গৰাহলৈ গতি কৰাৰো অভিযোগ উত্থাপিত হৈছে।