চৰাইদেউঃ কোনে বন্ধ দিছে অসম৷ ভূৱা প্ৰচাৰ চলিছে অসম বন্ধৰ৷ কেইবাটাও সংগঠনে বন্ধ সন্দৰ্ভত স্পষ্টি কৰণ দিয়াৰ লগতে অহা ২০ আৰু ২১ জুলাইত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কোনো ধৰণৰ ৪৮ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনোৱা নাই বুলি আজি স্পষ্ট কৰে।

এক বিবৃতি যোগে সংগঠটোৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ২০ আৰু ২১ জুলাইত কোনো অজ্ঞাত সংগঠনে অসম বন্ধ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজৰ মাজত যুৱ-ছাত্ৰ পৰিষদে বন্ধ আহ্বান কৰা বুলি প্ৰচাৰ হোৱাটো প্ৰকৃততে মিছা আৰু ভিত্তিহীন বুলি কয়।

নেতাদ্বয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ অসমীয়া ৰাইজৰ সংগঠন আৰু অসমীয়া ৰাইজৰ ওচৰত দায়বদ্ধ। তেনেস্থলত কোনো সমস্যা সমাধানৰ দাবীত ২ দিনকৈ অসমৰ ৰাইজক পণবন্দী কৰি পৰিষদে কেতিয়াও সৰ্বসাধাৰণৰ ৰাইজক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ দুৰ্বল কৌশল অৱলম্বন নকৰে বুলিও কয়।

আনহাতে সংগঠনটোৱে ''জাতীয়তাবাদী'' শব্দটো ব্যৱহাৰ কৰি নিতৌ নতুন নতুন নামাকৰণেৰে বহু তথাকথিত সংগঠন গঢ় লৈ অহা পৰিলক্ষিত হৈছে বুলি কয়। এনে সংগঠনৰ দাবীত যথাৰ্ততা, ন্যায্যতা আৰু কৰ্মপন্থাও সন্দেহজনক বুলি অভিহিত কৰি পৰিষদৰ নেতাদ্বয়ে অনাগত দিনত এনে সংগঠনৰ কৰ্মপন্থাক সচেতন ৰাইজক চকু দিবলৈ আহ্বান জনায়।