newsnextone.com | ৰঙিয়াঃ হঠাৎ পট পৰিৱৰ্তন ঘটিছে ৰাজ্যৰ ৰাজনীতিত৷ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নতুন নতুন ৰাজনৈতিক কৌশল অৱলম্বন কৰি বিজেপিয়ে এতিয়া বিভিন্ন অৰাজনৈতিক দল-সংগঠনৰ শীৰ্ষ নেতাক নিজৰ ফলীয়া কৰি লোৱা পৰিলক্ষিত হৈছে৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধায়ক বাতিলৰ দাবীত আৰু জাতিৰ স্বাভিমানৰ স্বাৰ্থত চিঞৰি গগণ ফলা একাংশ সাংগঠনিক নেতাই হঠাৎ শাসকীয় দলত যোগদান কৰা দৃশ্যই বিজেপিৰ নতুন ৰাজনীতিৰ কথৗা স্পষ্ট কৰিছে৷ 

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যখনৰ জাতীয় দল সংগঠনসমূহ একত্ৰিত হৈ প্ৰৱল আন্দোলন গঢ়ি তোলাৰ সময়তে এই জাতিয়তাবাদী শিৱিৰৰ চাৰিজনকৈ শীৰ্ষ নেতাই বৃহস্পতিবাৰে নিজ নিজ সংগঠন ত্যাগ কৰি শাসনাধিষ্ঠিত দল বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ ৰঙিয়াৰ ইতিহাস বিজড়িত হৰদত্ত বীৰদত্ত ভৱনত বৃহস্পতিবাৰে বিজেপি দলে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আমন্ত্ৰিত উপদেষ্টা ৰঞ্জন উপাধ্যায়ৰ লগতে সংগঠনটোৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক বিদ্যুৎ ডেকা আৰু ক্ৰীড়া সম্পাদক তৰুণ দাসে বিজেপিত যোগদান কৰে৷ 

একেটা অনুষ্ঠানতে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি দ্বীপদৰ্শন ভৰদ্বাজ, কামৰূপ জিলা যুব কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সজীৱ কলিতা, পাৰ্থ সাৰথি দাস, আতিকুৰ ৰহমান, অগপৰ প্ৰদীপ শৰ্মা, যুৱ ছাত্ৰ পৰিষদৰ দীপাংকৰ কলিতা, ঘনশ্যাম কলিতা, শান্তনু পাঠককে ধৰি বিভিন্ন দল সংগঠনৰ অৰ্ধ শতাধিক সদস্যই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে৷ 

ৰঙিয়াৰ কনিহা নিবাসী অবসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্যইও শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্ত্তত তেওঁ দলটোত যোগদানৰ পৰা বিৰত থাকে৷ যোগদান অনুষ্ঠানত কংগ্ৰেছ দলৰ একাংশ সদস্যই মুকলিকৈ অংশগ্ৰহণ কৰা কাৰ্যই অনাগত দিনত এইসকলেও বিজেপিত যোগদান কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ 

প্ৰণিধানযোগ্য যে, বিজেপিত যোগদান কৰা আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ আটাইকেইগৰাকী নেতাই অলপতে সাংগঠনিক মতবিৰোধৰ পৰিপ্ৰেক্ষিতত নিজ নিজ সংগঠন ত্যাগ কৰা বুলি ঘোষণা কৰিছিল৷ অৱশ্যে যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই সদস্য কেইগৰাকীক সংগঠনবিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত বহিস্কাৰ কৰা বুলি ঘোষণা কৰিছিল৷ বিজেপিৰ যোগদান অনুষ্ঠানত ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চণ (স্বতন্ত্ৰ), ৰাজহ আৰু দুৰ্যোগ প্ৰশমন দপ্তৰৰ মন্ত্ৰী ভৱেশ কলিতাৰ ওপৰি সাংসদ ৰমেন ডেকা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সম্পাদিকা ৰুমী গোস্বামী, সাংগঠনিক সম্পাদক ফনীন্দ্ৰ শৰ্মা, সদস্যা সুৰভি লহকৰ, ৰাজ্যিক প্ৰশিক্ষণ কোষৰ উপ সভাপতি ব্ৰজকুমাৰ দাসকে ধৰি ভালেসংখ্যক নেতা উপস্থিত থাকে৷ 

উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি ৰমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাত মন্ত্ৰী ভৱেশ কলিতা আৰু সাংসদ ৰমেন ডেকাই আটাইকে বিজেপিৰ চিহ্ন সম্বলিত টুপী পিন্ধাই দললৈ আদৰণি জনায়৷ উত্তৰ কামৰূপ জিলা বিজেপিৰ সাধাৰণ সম্পাদক সুবল পাল আৰু ৰঙিয়া নগৰ মণ্ডল বিজেপিৰ সভাপতি দ্বীপেন চক্ৰৱৰ্তীয়ে আঁত ধৰা যোগদান সভাত ভাষণ দি মন্ত্ৰী ভৱেশ কলিতাই কয় যে, বিজেপিয়ে জন্ম লগ্নৰে পৰা ভাৰতীয় সংস্কৃতি পুনৰুদ্ধাৰৰ বাবে সংগ্ৰাম কৰি আহিছে৷ 

ভাৰতীয় দৰ্শন বিশ্বৰ ভিতৰতে উৎকৃষ্ট দৰ্শন৷ সমাজৰ আটাইটকৈ তল খাপত বাস কৰা লোকজনকো আগবঢ়াই আনি উন্নয়নৰ ধাৰাৰ সৈতে চামিল কৰাই বিজেপিৰ লক্ষ্য৷ ৰাজ্যখনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰতিটো বিধানসভা সমষ্টিতে উন্নয়মমূলক কামকাজ পূৰ্ণোদ্যমে অব্যাহত আছি যদিও একাংশ লোকে এই কাৰ্যত বিধিপথালি দি উন্নয়ন মন্থৰ কৰি তোলাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈ পৰা বুলিও কয় মন্ত্ৰীগৰাকীয়ে৷ 

মন্ত্ৰী কলিতাই কয়, আমি অসমক দেশৰ পাঁচখন সৰ্বোৎকৃষ্ট ৰাজ্যৰ ভিতৰত এখন কৰি তোলাৰ প্ৰচেষ্টাত ব্যস্ত আছোঁ৷ ই আমাৰ চৰকাৰৰ সপোন৷ ইয়াক আমি সাৰ্থক কৰিমেই৷ অসমক আমি দ্বিতীয় কাশ্মীৰ হ’বলৈ নিদিও কাহানিও৷’ আগন্তুক লোকসভা নিৰ্বাচনত দেশত বিজেপিয়ে তিনিশৰো অধিক আসন পাব বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অসমত ১৪ টা সমষ্টিৰ ১৪ টাতে বিজেপি জিকিব৷ মঙলদৈ লোকসভা সমষ্টিত সাংসদ ৰমেন ডেকাই পুনৰ বিজয়ী হ’ব৷ 

সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে, শেহতীয়াভাৱে অসমৰ যুৱশক্তিৰ বিজেপিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে৷ বিজেপিৰ নীতি আদৰ্শ আৰু কৰ্ম পদ্ধতিৰ প্ৰতি আচলতে ৰাজ্যখনৰ যুৱশক্তিৰ বিশ্বাস বৃদ্ধি পাইছে৷ ইয়াৰ পৰিণতিতে সম্প্ৰতি ৰাজ্যখনৰ কেওদিশে বিভিন্ন ৰাজনৈতিক দলৰ পৰা লোক আহি বিজেপিত ভৰ্তি হৈছে৷ 

ভাষণ প্ৰসংগত তেওঁ কয়, ‘বিজেপিয়ে দেশৰ অখণ্ডতাত বিশ্বাস কৰে৷ সেয়েহে আলফা, এনএছচিএন আদিৰ দৰে বিচ্ছিন্নতাবাদী সংগঠনে দেশৰ অখণ্ডতাত কুঠাৰাঘাত কৰিলে আমি তাক প্ৰতিহত কৰোঁ৷’ সভাত সাংসদ ৰমেন ডেকাই ভাষণত কয় যে, বিজেপি ৰাষ্ট্ৰবাদ বিশ্বাসী দল৷ এই দলে সকলোকে সামৰি লয়৷ ৰাজনীতিত আকাংক্ষা থাকিবই মাথোন দলৰ ক্ষতিকাৰক কামৰ পৰা বিৰত থাকিব লাগে বুলি উল্লেখ কৰি সাংসদ ডেকাই কয় যে দেশত পিএমজিএছৱাই আঁচনিৰ যোগেৰে দেশৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ প্ৰভূত পৰিৱৰ্তন সাধন কৰা হৈছে৷ যাতায়ত ব্যৱস্থাৰ উন্নতিয়ে গতি আনে আৰু গতিয়ে প্ৰগতিৰ পথ প্ৰশস্ত কৰি তোলে৷ 

সভাত আজি দলটোত যোগদান কৰা যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতাদ্বয় ৰঞ্জন উপাধ্যায় আৰু বিদ্যুৎ ডেকা, আছুৰ প্ৰাক্তন জিলা উপ সভাপতি দ্বীপদৰ্শন ভৰদ্বাজ আৰু প্ৰাক্তন যুৱ কংগ্ৰেছৰ জিলা সভাপতি সঞ্জীৱ কলিতায়ো ভাষণ প্ৰদান কৰে৷ কাৰ্যতঃ জাতীয়তাবাদী শিৱিৰৰ নেতাৰ বিজেপিত যোগদানে দলটোক সাংগঠনিক দিশত শক্তিশালী কৰি তুলিব যদিও দলটোত এওঁলোকক যথাযোগ্যভাৱে সংস্থাপিত কৰাৰ ক্ষেত্ৰত দলটো সমস্যাত পৰিব বুলি ধাৰণা কৰা হৈছে৷ 

বিশেষকৈ যুৱ ছাত্ৰ পৰিষদৰ পৰা ওলাই অহা আটাইকেইজন নেতাই যিহেতু কেন্দ্ৰীয় পৰ্যায়ৰ নেতা এনে পৰিস্থিতিত এওঁলোকক দলটোৱে এতিয়া সাংগঠনিকভাৱে উচ্চ আসনত অধিষ্ঠিত কৰাটো দলটোৰ বাবে নৈতিক দায়িত্ব৷ অনাগত দিনত বিজেপিয়ে এইসকল নেতাক কেনেদৰে সন্মান প্ৰদৰ্শন কৰি সংস্থাপিত কৰে সেয়া লক্ষণীয় বিষয় হ’ব৷ সি যিয়েই নহওক জাতীয়তাবাদী শিৱিৰৰ চাৰিগৰাকীকৈ শীৰ্ষ পৰ্যায়ৰ নেতাই বিজেপিত যোগদান কৰাত ৰঙিয়াত দলৰ নেতা কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে৷ 

ইপিনে, সৌসিদিনালৈকে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে সংসদত উথ্যাপন কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰি ৰাজপথ উত্তাল কৰা জাতীয়তাবাদী শিৱিৰৰ এইসকল নেতাই এতিয়া হঠাতে লুটিবাগৰ মাৰি বিজেপিত যোগদান কৰাত ৰাইজ হতচকিত হৈ পৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি বিভিন্ন বিষয়ৰ ক্ষেত্ৰত এতিয়া এওঁলোকৰ কি ভূমিকা হ’ব তাৰ প্ৰতি অধীৰ অপেক্ষাৰে বাট চাইছে ৰাইজে৷ 

বিশেষকৈ আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা আৰু দ্বিনাগৰিকত্বৰ দাবীৰ প্ৰসংগত যুব ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰঞ্জন উপাধ্যায়ে বিগত সময়ত যিধৰণৰ সৰৱ ভূমিকা পালন কৰিছিল সেই সন্দৰ্ভত তেওঁৰ এতিয়া স্থিতি কি হ’ব তাকে লৈ ৰাইজে প্ৰশ্ন কৰিছে৷ কাৰণ বিগত সময়ত তেওঁ এই দুয়োটা দাবীৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সংক্ৰান্তত বিজেপিৰ স্থিতিক লৈ ছ’চিয়েল মিডিয়াত সৰৱ ভূমিকা পালন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ বিজেপি দলটোৰ চোকা সমালোচকৰ ৰূপতো অৱতীৰ্ণ হৈছিল ৰঞ্জন উপাধ্যায়৷